লকডাউনত গাড়ী ৰখোৱা আৰক্ষীক চেলেকি কোৰোণা ভাইৰাছৰ ভয় দেখুৱালে মহিলাই, চাওক VIDEO

News18 Assam | News18-Assam
Updated:March 26, 2020, 10:40 AM IST
লকডাউনত গাড়ী ৰখোৱা আৰক্ষীক চেলেকি কোৰোণা ভাইৰাছৰ ভয় দেখুৱালে মহিলাই, চাওক VIDEO
কলকাতাৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা। 

কলকাতাৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা। 

  • Share this:
লকডাউনৰ মাজতে এক হতচকিত কৰিব পৰা ঘটনা সংঘটিত হয় কলকাতাত। এগৰাকী মহিলাৰ গাড়ী ৰখাবলৈ চেষ্টা কৰা আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হোৱা মহিলাই এজন আৰক্ষীক চেলেকি কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভয় দেখুৱায়। মহিলাগৰাকীয়ে দাবী কৰা মতে তেওঁ ফাৰ্মাচীলৈ গৈ থাকোতে আৰক্ষীয়ে অনাহকত গাড়ী ৰখাইছিল আৰু হাৰাশাস্তি কৰিছিল।

কলকাতাৰ ছল্টলেকত সংঘটিত হৈছে এই ঘটনা। ড্ৰাইভাৰে চলোৱা গাড়ীত বহি এগৰাকী মহিলা ৰাজপথেৰে গৈ থাকোতে আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰে। লকডাউনৰ সময়ত ব্যক্তিগত বাহনৰ চলাচল ৰাজপথত বন্ধ কৰাৰ সময়ত মহিলাগৰাকীৰ এই কাণ্ড বন্ধ কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰোতে মহিলাগৰাকীয়ে নাভূত–নাশ্ৰুত কাণ্ডটো কৰে। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মতে আৰক্ষীয়ে গাড়ী ৰখাই ড্ৰাইভাৰ জনক প্ৰশ্ন কৰোতে পিছফালৰ আসনৰ পৰা মহিলাগৰাকী ওলাই আহি আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু এই কাৰ্য কৰে। এজন আৰক্ষী বিষয়াক চেলেকাৰ লগতে লিজৰ লেলাৱটি আৰক্ষীৰ ইউনিফৰ্মত সানি দিয়ে অসভ্য মহিলগৰাকীয়ে। ‘এতিয়া তোৰো হ’ব।’ মহিলাগৰাকীয়ে এই কাণ্ড কৰি এনেকৈ চিঞৰাৰ ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।



লকডাউনৰ সময়ত দায়িত্ব পালন কৰা আৰক্ষীৰ সৈতে চূড়ান্ত অসভ্যালিৰ পৰিচয় দিয়া মহিলাগৰাকীৰ কাণ্ড ক্ষুব্ধ কৰ্তব্যৰত আৰক্ষী। দেশৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ইয়াক গৰিহণা দিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি