• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • কোৰোণাৰ বাবেই স্থগিত হৈছিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান ! সেয়েহে কইনাৰ সাজ পিন্ধি ভেকছিন ল’বলৈ আহিল এইগৰাকী মহিলা ...

কোৰোণাৰ বাবেই স্থগিত হৈছিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান ! সেয়েহে কইনাৰ সাজ পিন্ধি ভেকছিন ল’বলৈ আহিল এইগৰাকী মহিলা ...

বাল্টিমোৰৰ বাসিন্দা ছাৰাহ ষ্টুডলীয়ে বিগত বছৰ নিজৰ বিয়াৰ বাবে ক্ৰয় কৰিছিল এই পোছাকযোৰ । কিন্তু কোভিদ-১৯ মহামাৰীৰ বাবে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান বাতিল হোৱাত এক ব্যক্তিগত অনুষ্ঠানৰ মাজেৰে বিবাহ পাশত আৱদ্ধ হৈছিল তেওঁ ।

বাল্টিমোৰৰ বাসিন্দা ছাৰাহ ষ্টুডলীয়ে বিগত বছৰ নিজৰ বিয়াৰ বাবে ক্ৰয় কৰিছিল এই পোছাকযোৰ । কিন্তু কোভিদ-১৯ মহামাৰীৰ বাবে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান বাতিল হোৱাত এক ব্যক্তিগত অনুষ্ঠানৰ মাজেৰে বিবাহ পাশত আৱদ্ধ হৈছিল তেওঁ ।

বাল্টিমোৰৰ বাসিন্দা ছাৰাহ ষ্টুডলীয়ে বিগত বছৰ নিজৰ বিয়াৰ বাবে ক্ৰয় কৰিছিল এই পোছাকযোৰ । কিন্তু কোভিদ-১৯ মহামাৰীৰ বাবে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান বাতিল হোৱাত এক ব্যক্তিগত অনুষ্ঠানৰ মাজেৰে বিবাহ পাশত আৱদ্ধ হৈছিল তেওঁ ।

  • Share this:
সচৰাচৰ যেতিয়া আপুনি কোভিদ-১৯ ভেকছিন গ্ৰহণৰ বাবে কেন্দ্ৰলৈ যাব, সেইসময়ত হয়তো আপুনি তেনেই এযোৰ সাধাৰণ পোছাক পিন্ধিহে সেই স্থানলৈ যাব বিচাৰিব ৷ বিবাহৰ কাপোৰযোৰ নিশ্চয়কৈ সেইসময়ত আপোনাৰ তালিকাত নাথাকিব ৷

কিন্তু তেনেই এক কাম কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাল্টিমোৰৰ এগৰাকী মহিলাই ৷
অস্বাভাৱিকভাৱেই নিজৰ বিয়াৰ গাউন পিন্ধি কোভিদ ভেকছিন গ্ৰহণ কৰিলে ছাৰাহ ষ্টুডলী নামৰ মহিলাগৰাকীয়ে। আচৰিত যেন লাগিলেও এয়াই সঁচা ৷

ৱাশ্বিংটন পোষ্টৰ মতে, ছাৰাহ ষ্টুডলীয়ে বিগত বছৰ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া তেওঁৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে ক্ৰয় কৰিছিল এই পোছাকযোৰ ৷ কিন্তু কোৰোণা মহামাৰী সংহাৰৰ বাবে সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি, লকডাউনৰ বাবে বাতিল হৈছিল তেওঁৰ বিবাহৰ সেই অনুষ্ঠান ৷ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ বিবাহৰ কাৰ্য সম্পাদন কৰিবলগীয়া হৈছিল তেওঁ ৷

বিবাহৰ সেই মুহূৰ্তৰ সপোন পূৰ কৰিব নোৱাৰাৰ বাবেই সম্প্ৰতি যিহেতু ভেকছিনৰ শ্ব’ট লোৱাৰ সময় আহিছে, সেয়েহে ষ্টুডলীয়ে ভেকছিনৰ গ্ৰহণৰ দিনটোকে এটা স্মৰণীয় অনুষ্ঠান কৰি তুলিলে আৰু এই দিনটো সজীৱ কৰি ৰাখিবলৈ তেওঁ এম এণ্ড টি বেংক ষ্টেডিয়ামলৈ পিন্ধি আহিল নিজৰ বিবাহৰ বাবে ক্ৰয় কৰা পোছাকযোৰ ৷

লক্ষ্যণীয় যে ৩৯ বছৰীয়া ষ্টুডলীয়ে ২০১৯ চনৰ নৱেম্বৰতেই ব্ৰায়ান হৰ্লৰে সৈতে বাগদান কাৰ্যসূচী সম্পাদন কৰিছিল আৰু এবছৰ পিছত ১০০গৰাকী লোকৰ উপস্থিতিৰে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল । যদিও মহামাৰীৰ প্ৰভাৱৰ ফলতেই এই পৰিকল্পনাৰ পৰিৱৰ্তন কৰিবলগীয়া হৈছিল আৰু এক সৰু অসামৰিক অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হ'ব লগা হৈছিল দুয়ো ৷

ষ্টুডলী আৰু হৰ্লৰে এতিয়াও এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব বিচাৰিছিল আৰু জুনত এই অনুষ্ঠান আয়োজনৰ পৰিকল্পনাও কৰিছিল, যাৰ বাবে ষ্টুডলীয়ে এই বগা বিবাহৰ গাউনটো ক্ৰয় কৰিছিল। কিন্তু পৰিস্থিতি সালসলনি নোহোৱালৈ লক্ষ্য ৰাখি তেওঁলোকে অৱশেষত এই পৰিকল্পনাও ত্যাগ কৰাৰ সিদ্ধান্ত লয় ।

অৱশ্যে অভ্যৰ্থনা অনুষ্ঠানৰ বাবে ক্ৰয় কৰা এই গাউন অব্যৱহৃত হৈ থকাৰ আশংকাতে এই সিদ্ধান্ত লয় ষ্টুডলীয়ে আৰু ভেকচিন গ্ৰহণৰ বাবে পিন্ধি যায় বিবাহৰ এই পোছাক ৷ চলিত বছৰৰ ফেব্ৰুৱাৰীতে ভেকছিন এপইণ্টমেণ্টৰ সময়ত এগৰাকী মহিলাই সম্পূৰ্ণ দৈৰ্ঘ্যৰ চিকুইন গাউন পিন্ধাৰ পাচতেই ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁ ৷

এই সম্পৰ্কত ষ্টুডলীয়ে কয় যে কোভিদ ভেকছিন মহামাৰীৰ নিৰাময় বা সমাপ্তি নহয়, কিন্তু ই নিশ্চিতভাৱে এক টাৰ্ণিং পইণ্ট । লগতে তেওঁ কয় যে এই ভেকছিনে অন্ততঃ তেওঁক কোনো চিন্তা নকৰাকৈ ৮১ বছৰীয়া দেউতাকক আলিংগন কৰিবলৈ অনুমতি দিব । ইপিনে ষ্টুডলীৰ স্বামী হাৰ্লোৰে কয় যে, যেতিয়া তেওঁৰ পত্নীয়ে বিবাহৰ বাবে ক্ৰয় কৰা এই গাউন পিন্ধি নামি আহিছিল তেতিয়া তেওঁ আনন্দদায়কভাৱে আচৰিত হৈছিল।

বিবাহৰ গাউন পিন্ধি ভেকছিনৰ শ্ব’ট গ্ৰহণ কৰা ষ্টুডলীৰ এই ফটোবোৰ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি