কোভিডত মাতৃহাৰা এটি সাতমহীয়া শিশুক নিজৰ দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী মাতৃয়ে।শিশুটিৰ ডেৰবছৰ বয়স পৰ্যন্ত লালন-পালনৰ সকলো দায়িত্ব গ্ৰহণ মাতৃগৰাকীৰ।
কোভিডত মাতৃহাৰা এটি সাতমহীয়া শিশুক নিজৰ দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী মাতৃয়ে।শিশুটিৰ ডেৰবছৰ বয়স পৰ্যন্ত লালন-পালনৰ সকলো দায়িত্ব গ্ৰহণ মাতৃগৰাকীৰ।
মাতৃ হাৰা এটি কনমানি কেঁচুৱাক মাতৃ দুগ্ধৰ অবিহনে ডাঙৰ কৰাটো কিমান কষ্টকৰ সেয়া ভূক্তভোগীয়েহে অনুভৱ কৰিব পাৰে।কোভিড মহামাৰীৰ বলি হৈ দেশৰ বহু শিশু পিতৃ-মাতৃহাৰা হৈছে। মৰিয়নিৰ নাগিনীজান চাহ বাগিছাতো কোভিডে মাতৃহাৰা কৰি থৈ গ'ল এটি সাতমহীয়া কেঁচুৱাক।
উল্লেখ যে, যোৱা ১৩ জুলাই তাৰিখে নাগিনীজান চাহ বাগিছাৰ বিমল নায়ক নামৰ লোক জনৰ পত্নী প্ৰীতি নায়ক কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত প্ৰীতি নায়কে এটি সাঁতমহীয়া কেঁচুৱা এৰি থৈ যায়। পিতৃ তথা পৰিয়ালৰ অন্যান্য সদস্যৰ লগত সাত মহীয়া কেঁচুৱাটিও বৰ্তমান কোৱাৰেন্টাইন হৈ আছে। এনে অৱস্থাত দুৰ্ভগীয়া কেঁচুৱাটিৰ কাষত থিয় দিয়ে নাগিনীজান চটাই চাহ বাগিছাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজকৰ্মী মহেন্দ্ৰ তাঁতীৰ পত্নী জ্যোতি কুশল দাস।
নমহীয়া এটি সন্তানৰ মাতৃ জ্যোতি কুশল দাসে কেঁচুৱাটিক নিতৌ নিজৰ দুগ্ধ পান কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰা লগতে শিশুটিৰ ডেৰবছৰ বয়স পৰ্যন্ত লালন-পালনৰ সকলো দায়িত্ব গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। মাতৃ গৰাকীয়ে কেঁচুৱাটিক কোলাত লৈ দীৰ্ঘ সময় ধৰি দুগ্ধ পান কৰোৱা দৃশ্যই উপস্থিত সকলোকে অভিভূত কৰি তোলে।জ্যোতি কুশল দাস প্ৰত্যাশা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সম্পাদিকা। মাতৃ গৰাকীৰ এই মহানুভৱতাক নাগিনীজান চাহ বাগিছাৰ সকলোলোকে সলাগ লোৱাৰ লগতে জটিল সময়ত এইয়া মানৱতাৰ এক উৎকৃষ্ট নিৰ্দশন বুলি অভিহিত কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|