Covid 19, Mask is Main: পতি-পত্নীক কৈছিল মাস্ক পিন্ধিবলৈ, UPSC মেইনছ উত্তীৰ্ণ মহিলাই আৰক্ষীক কৰিলে এনে ব্যৱহাৰ। চাওক ভিডিঅ'।
দিল্লীত ব্যক্তিগত বাহনৰ ভিতৰত এজন লোকো থাকিলে মাস্ক পিন্ধি থকাটো বাধ্যতামূলক কৰিছে দিল্লী চৰকাৰে। এজন IAS বিষয়াই টুইটাৰত ছেয়াৰ কৰিছে এই ভিডিঅ'টো।
দিল্লীত ব্যক্তিগত বাহনৰ ভিতৰত এজন লোকো থাকিলে মাস্ক পিন্ধি থকাটো বাধ্যতামূলক কৰিছে দিল্লী চৰকাৰে। এজন IAS বিষয়াই টুইটাৰত ছেয়াৰ কৰিছে এই ভিডিঅ'টো।
- News18 Assam
- Last Updated: April 19, 2021, 11:43 AM IST
এখন ব্যক্তিগত গাড়ীত পতি-পত্নী দুয়ো মাস্ক নিপিন্ধাকৈ গৈ থকা সময়ত আৰক্ষীয়ে গাড়ীখন ৰখাই সোধাপোোছা কৰোতেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আৰক্ষীক গালি-গালাজ কৰে মহিলা গৰাকীয়ে। মহিলাগৰাকীক উচটনি দি স্বামীয়েও আৰক্ষীক কৰে দুৰ্ব্যৱহাৰ।
UPSC मेंस क्लीयर कर चुकी हैं मैडम. Duty पर पुलिस से बदतमीज़ी की क्या सज़ा होती है, कृपया इनको क़ायदे से समझाया जाए. pic.twitter.com/frSyPedlVB
— Awanish Sharan (@AwanishSharan) April 19, 2021
এটা সময়ত গাড়ীৰ পৰা নামি আহি কি অধিকাৰত গাড়ী ৰখালে বুলি হুমকি দি নিজকে UPSC মেইনছ উত্তীৰ্ণ কৰা বুলি দম্ভালি মাৰে মহিলাগৰাকীয়ে। পাছত পতি-পত্নী দুয়োৰে বিৰুদ্ধে দাখিল কৰা হয় এজাহাৰ।












