২১ দিন লকডাউনঃদেশৰ বিভিন্ন ঠাইত পথৰ দাঁতিত আৱদ্ধ অত্যাৱশ্যকীয় সামগ্ৰী লৈ অহা শাৰী শাৰী ট্ৰাক

News18 Assam | News18-Assam
Updated:March 25, 2020, 1:07 PM IST
২১ দিন লকডাউনঃদেশৰ বিভিন্ন ঠাইত পথৰ দাঁতিত আৱদ্ধ অত্যাৱশ্যকীয় সামগ্ৰী লৈ অহা শাৰী শাৰী ট্ৰাক
দেশৰ বিভিন্ন পথত এই মুহূৰ্তত আৱদ্ধ হৈ আছে অসংখ্য ট্ৰাক. ৫০হাজাৰতকৈও অধিক ড্ৰাইভাৰ তথা খালাচী মাজবাটত আৱদ্ধ হৈ আছে। 

দেশৰ বিভিন্ন পথত এই মুহূৰ্তত আৱদ্ধ হৈ আছে অসংখ্য ট্ৰাক. ৫০হাজাৰতকৈও অধিক ড্ৰাইভাৰ তথা খালাচী মাজবাটত আৱদ্ধ হৈ আছে। 

  • Share this:
নতুন দিল্লীঃ সমগ্ৰ দেশত ২১দিন লকডাউন। মঙলবাৰে ৰাতি ৮টা বজাত জাতিৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ইয়াৰ বাহিৰে আন কোনো পন্থা নাই বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দীৰ্ঘদিনীয়া লকডাউনৰ সময়ত যাতে মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী পোৱাত অসুবিধা নহয় তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে চৰকাৰে। কিন্তু লকডাউনৰ সময়ত বন্ধ হৈছে আন্তঃৰাজ্যিক সীমান্ত। ফলত ৰাজ্যৰ সীমামূৰীয়া ঠাইত আৱদ্ধ হৈ ৰৈছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা হাজাৰ হাজাৰ ট্ৰাক। Indian Foundation of Transport Research and Training (IFTRT)-ৰ সূত্ৰত প্ৰকাশ পোৱা মতে, দেশৰ বিভিন্ন পথত এইমুহূৰ্তত ৫০হাজাৰতকৈও অধিক ট্ৰাক ড্ৰাইভাৰ আৰু খালাচী আৱদ্ধ হৈ আছে। এওঁলোকে না খাবলৈ খাদ্য পাইছে না পানী। অভিযোগ আৰক্ষীয়ে তেওঁলোকৰ সৈতে কোনো ধৰণৰ সহযোগ কৰা নাই। পথৰ কাষৰ সকলো ঢাবা বন্ধ, বন্ধ গাড়ী মেৰামতিৰ দোকানো। সেইকাৰণে পথৰ ওপৰত বহি অপেক্ষা কৰাৰ বাহিৰে আন কোনো বিকল্প তেওঁলোকৰ হাতত নাই। কেতিয়া ঘৰলৈ উভতিবলৈ পাব, কেতিয়া জীয়াই থাকিবলৈ খাদ্য আদি পাব? তাৰো উত্তৰ নাই।

#coronavirus
আৰু চাওক
পৰৱৰ্তী বাতৰি