দেশত নতুন টিকাকৰণৰ ৰণনীতি কি হ'ব, তাৰ অংশ হিচাপে আগন্তুক এমাহৰ ভিতৰত ক'ভিশ্বিল্ডৰ এটা ড'জৰ কাৰ্যকাৰিতাৰ ওপৰত চলোৱা হ'ব এই অধ্যয়ন ।
বিষয়াগৰাকীয়ে লগতে কয়, " দুটা পৃথক-পৃথক ভেকছিনৰ Mix and Match প্ৰক্ৰিয়াৰ লগতে ক'ভিশ্বিল্ড এটা ড'জৰ ওপৰত এই পৰীক্ষণ চলাবলৈ আমি ৰাষ্ট্ৰীয় নৈতিক সমিতিৰ (স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত) অনুমোদনৰ বাবে অপেক্ষা কৰি আছো ।"
লক্ষ্যণীয় যে চৰকাৰে প্ৰথম আৰু দ্বিতীয় শ্বটৰ বাবে দুটা পৃথক ভেকছিনৰ Mix and Matchৰ ওপৰত গৱেষণা কাৰ্যসূচীৰ ওপৰত আলোচনা কৰিছিল । কিয়নো এক নতুন আন্তৰ্জাতিক গৱেষণাই পৰামৰ্শ দিছে যে অক্সফৰ্ড-এষ্ট্ৰজেনেকা আৰু ফাইজাৰ-বায়' এনটেকৰ ভেকছিনবোৰl অন্তৰ্ভুক্ত কৰা এক Mix and Match ৰণনীতিয়ে অংশগ্ৰহণকাৰীসকলৰ মাজত এক শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰস্তুত কৰে।
বৰ্তমান ভাৰতত ব্যৱহৃত সকলো ভেকছিন - ক'ভিশ্বিল্ড, ক'ভেক্সিন আৰু ৰাছিয়াৰ স্পুটনিকV- হৈছে দুটা পালিৰ ভেকছিন। য'ত Mix and Match পদ্ধতি অনুমোদিত কৰা হোৱা নাই ।
চৰকাৰী বিষয়াগৰাকীয়ে লগতে জনায় যে অধ্যয়নটোৱে ক'ভিশ্বিল্ড ভেকছিনৰ এটা ড'জৰ কাৰ্যকাৰীতাৰ ওপৰত গুৰুত্ব দিব । এই অধ্যয়নটোৱে প্ৰকাশ কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই এক বুষ্টাৰ পালিৰ সম্ভাৱনাও অন্বেষণ কৰা হ'ব - যাক প্ৰথম পালিৰ ছয় মাহ বা ১২ মাহ পিছত দিব পাৰি, ।