কোৰোণা সংক্ৰমণঃ অসমৰ কোন কোন ঠাইত কোৰোণাৰ টেষ্ট কৰোৱাব পাৰিব আপুনি?

News18 Assam | News18-Assam
Updated:March 21, 2020, 6:15 PM IST
কোৰোণা সংক্ৰমণঃ অসমৰ কোন কোন ঠাইত কোৰোণাৰ টেষ্ট কৰোৱাব পাৰিব আপুনি?
Source-Google

অসমৰ কেবাখনো মেডিকেল কলেজ হাস্পতালত আছে কোৰোণা সংক্ৰমণ পৰীক্ষা কৰাৰ সুবিধা।

  • Share this:
অসমৰ তথা দেশৰ বাহিৰৰ পৰা ঘৰলৈ ঘুৰি অহা বহুতেই এতিয়া প্ৰট’কল মানি ‘হোম কোৱাৰানটাইন’ আছে। নিয়ম অনুসৰি কোৰোণা নিগেটিভ ওলালেও সংক্ৰমিত এলেকাৰ পৰা অহা লোকসকলে ১৪দিনৰ ‘ছেল্ফ আইছ’লেশ্যন’ বা ঘৰতে নিলগে থকাটো সকলোৰে পক্ষে ভাল। হোম কোৱাৰানটাইন বা ছেল্ফ আইশ্যলেশ্যন মানেই কোৰোণা পজিটিভ নহয়। এয়া প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশহে। যিসকলে চৰকাৰী নিৰ্দেশ মানি এই নিয়ম পালন কৰিছে তেওঁলোক এই স্পৰ্শকাতৰ সময়ত দায়িত্বশীল নাগৰিক হিচাপে চিহ্নিত হৈছে।

বিভিন্নজনে সামাজিক মাধ্যমত চৰ্চা কৰিছে যে অসমত কোৰোণাৰ টেষ্ট ক’ত কৰোৱাব পাৰি? এই পৰ্যন্ত অসমত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, যোৰহাট মেডিকেল কলেজ হাস্পতাল, ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাল আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালত এই পৰীক্ষা কৰোৱাৰ সুবিধা আছে। কোনো লোকে যদি এই টেষ্ট কৰোৱাব বিচাৰে নিজৰ নিকটৱৰ্তী মেডিকেল কলেজ হাস্পতালত টেষ্ট কৰোৱাই নিশ্চিত হ’ব পাৰে। সাৱধান হওক, সংক্ৰমণ ৰোধ কৰক।

উল্লেখযোগ্য যে, অসমত এই পৰ্যন্ত এজনো পজিটিভ ৰোগী ওলোৱা নাই যদিও দেশত কোৰোণাৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। শেহতীয়া চৰকাৰী তথ্য মতে, কোৰোণাৰ দ্বাৰা দেশত সংক্ৰমিত ব্যক্তিৰ সংখ্যা ২৯৮জনলৈ বৃদ্ধি পাইছে, যোৱা ২৪ঘণ্টাত ৯৮জন লোক সৰ্বাধিক আক্ৰান্ত হৈছে।
Published by: Tulika Devi
First published: March 21, 2020, 6:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading