দুয়োটা ডোজ ভেকচিন লোৱাৰ পিছতো কোৰোণাত আক্ৰান্ত হ'লে পুনৰ ভেকচিন লোৱাৰ প্ৰয়োজন আছেনে?
দুয়োটা ডোজ ভেকচিন লোৱাৰ পিছতো কোৰোণাত আক্ৰান্ত হ'লে পুনৰ ভেকচিন লোৱাৰ প্ৰয়োজন আছেনে?
দেশজুৰি চলি আছে ৰকোৰোণাৰ টিকাকৰণ প্ৰক্ৰিয়া। আজিৰে পৰা দেশৰ ১৮ বছৰ উৰ্ধ্বৰ সকলো লোকে লৈছে কোৰোণাৰ ভেকচিন। কিন্তু ভেকচিন লোৱাৰ পূৰ্বে জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা। বিশেষজ্ঞ চিকিৎসকে কোৰোণাৰ ভেকচিনৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
প্ৰথম ডোজ লোৱাৰ পিছত আক্ৰান্ত হ'লে কেতিয়া ল'ব দ্বিতীয় ডোজ?
ক’ভাক্সিন (Covaxin)ৰ দুটা পালি চাৰি সপ্তাহৰ ব্যৱধানত ল'ব লাগিব। আৰু কভিশ্বিল্ড (Covishield)ৰ ক্ষেত্ৰত, দুয়ো পালি ভেকচিন ৬ৰ পৰা ৮ সপ্তাহৰ ব্যৱধানত গ্ৰহণ কৰিব লাগিব। অৱশ্যে, দুয়োটা পালিৰ মাজৰ অন্তৱৰ্তীকালীন সময়ছোৱাত, যদি কোনো লোক কোভিদ-১৯ ত আক্ৰান্ত হয়, তেন্তে তেওঁ অতিৰিক্ত ভাবে ২-৪ সপ্তাহৰ পিছত ভেকচিন গ্ৰহণ কৰিব লাগে। অর্থাৎ দেহৰ পৰা কোৰোণাৰ লক্ষণসমূহ আঁতৰ হোৱাৰ পিছত।
ভেকচিন গ্ৰহণৰ পিছত কোৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকেনে?
বুজিব লাগিব যে, ক’ভিড-১৯-ৰ ভেকচিনবোৰ হৈছে 'disease-modifying' ভেকচিন। ক’ভাক্সিন আৰু কভিশ্বিল্ড দুয়োটাই আপোনাক সংক্ৰমণ হোৱাত বাধা নিদিয়ে, কিন্তু ই আপোনাক ভৱিষ্যতে ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰা হ'ব পৰা জটিল স্বাস্থ্যজনিত পৰিস্থিতিৰ পৰা সুৰক্ষা দিয়ে।
ভেকচিন গ্ৰহণৰ পিছত কোৰোণাত আক্ৰান্ত হ'লে কি কৰিব?
যদি আপুনি যিকোনো এটা ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছত সংক্ৰমিত হয়, তেন্তে পুনৰ টিকাকৰণৰ প্ৰয়োজন নাই। সেইসময়তো আপোনাৰ দেহত ভেকচিন কাৰ্যকৰী হৈ থাকিব আৰু আপোনাৰ লক্ষণবোৰ ভালদৰে নিয়ন্ত্ৰণ কৰিব।
দেখা গৈছে যে, সাধাৰণতে ৬ৰ পৰা ৯ মাহৰ ভিতৰত প্ৰাকৃতিক সংক্ৰমণৰ ক্ষেত্ৰত এণ্টিবডী টাইট্ৰেছ হ্ৰাস হ'ব পাৰে। আনহাতে ভেকচিনৰ ক্ষেত্ৰত, ৰোগ প্ৰতিৰোধ ক্ষমতা দীঘলীয়া সময়লৈকে থাকে।
এই সমূহ তথ্য দাঙি ধৰিছে তুন দিল্লীৰ ICMRৰ এপিডেমিঅ'লজী আৰু সংক্ৰামক ৰোগ বিভাগৰ মুৰব্বী। ডাঃ পাণ্ডাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|