দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে সীমিত হৈ পৰিছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া । তেনেস্থলত আপুনি প্ৰথম বা দ্বিতীয় ড'জ গ্ৰহণৰ বাবে কিমান সময় অপেক্ষা কৰিব আৰু যদি আপুনি এই অপেক্ষাৰ সময়ছোৱাতে কোভিড–১৯ত সংক্ৰমিত হয়, তেন্তে কেনেদৰে সলনি হ'ব আপোনাৰ ভেকচিনৰ প্ৰক্ৰিয়া ।
ভাৰতত কোভিড টীকাকৰণৰ বাবে কি নিয়ম অনুসৰণ কৰা হয়?
ভাৰতত ১৭.৭ কোটিৰো অধিক লোকক ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত কোভিশ্বিল্ড ভেকচিন বা ভাৰত বায়'টেক লিমিটেডৰ দ্বাৰা নিৰ্মিত কোভাক্সিন প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৩.৯ কোটিৰো অধিক লোকে দ্বিতীয় ড'জো লাভ কৰিছে।
ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেল (DGCI)ৰ দ্বাৰা প্ৰদান কৰা প্ৰাৰম্ভিক অনুমতি অনুসৰি কোভিশ্বিল্ড ভেকচিনৰ প্ৰথম ড'জ গ্ৰহণৰ ৪-৬ সপ্তাহ পিছতহে ইয়াৰ দ্বিতীয়টো ড'জ প্ৰদান কৰা হয় । আনফালে কোভাক্সিনৰ ক্ষেত্ৰত প্ৰথম ড'জ গ্ৰহণৰ ২৮ দিন পিছত দ্বিতীয়টো ড'জ প্ৰদান কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত কোভিশ্বিল্ডৰ বাবে ব্যৱধান ৪-৮ সপ্তাহলৈ আৰু কোভাক্সিনৰ বাবে ৪-৬ সপ্তাহলৈ বৃদ্ধি কৰা হৈছিল । শেহতীয়াকৈ এপ্ৰিলত পুনৰ কেন্দ্ৰই কোভিশ্বিল্ডৰ দ্বিতীয়টো ড'জ ৬-৮ সপ্তাহ পিছতহে গ্ৰহণৰ পৰামৰ্শ দিছিল ।
টীকা গ্ৰহণ নকৰাকৈয়ে আপুনি সংক্ৰমিত হৈ সুস্থ হৈ উঠিছে । তেন্তে আপুনি কেতিয়া ভেকছিন গ্ৰহণ কৰিব ?
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (CDC) এই সম্পৰ্কত পৰামৰ্শ দিছে যে যদি কোনো লোকে ভেকচিন লাভ নকৰাকৈয়ে কোভিডত সংক্ৰমিত হৈছে । তেন্তে তেওঁ কোভিড পজিটিভ ৰূপে চিনাক্ত হোৱা দিনটোৰ পৰা ৯০ দিন অপেক্ষা কৰিব লাগিব ।
ইপিনে ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান(IISER)ৰ ইমিউনোলজিষ্ট ডাঃ বিনীতা বালে কোভিডৰ পৰা সুস্থ হোৱাৰ পিছত ৬-৮ সপ্তাহ অপেক্ষা কৰাৰ পৰামৰ্শ দিয়ে । বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ– সংক্ৰমণৰ ছয় মাহৰ পিছতহে টীকাকৰণ কৰাটো ভাল, কিয়নো তেতিয়ালৈ শৰীৰত প্ৰাকৃতিক এণ্টিবডী অব্যাহত থকাৰ সম্ভাৱনা আছে ।
প্ৰথম ড'জ গ্ৰহণৰ পিছত সংক্ৰমিত হ'লে দ্বিতীয়টো ড'জ কেতিয়া গ্ৰহণ কৰিব ?
কৰ্ণাটকৰ SARS-CoV2,ৰ আণুবংশিক নিশ্চিতকৰণৰ নোডেল বিষয়া আৰু NIMHANSৰ নিউৰোভাইৰোলজীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ ভি ৰবিৰ মতে, কোৰোণা ভাইৰাছত সংক্ৰমিত হোৱাৰ দিনৰ পৰা আঠ সপ্তাহৰ পিছতহে দ্বিতীয়টো ড'জ দিব পাৰি । সংক্ৰমণৰ পিছত শৰীৰে এণ্টিবডী প্ৰস্তুত কৰা আৰম্ভ কৰে আৰু ই প্ৰায় ভেকচিন লোৱাৰ দৰে একেই হৈ পৰে । তেনেস্থলত দ্বিতীয়টো ড'জ গ্ৰহণৰ পূৰ্বে কমেও আঠ সপ্তাহ অপেক্ষা কৰা উচিত ।
কোনো সমস্যা নোহোৱাকৈ প্ৰথম ড'জ গ্ৰহণৰ পিছত উপলব্ধ নোহোৱাৰ বাবে ল'ব পৰা নাই দ্বিতীয়টো ড'জ । তেতিয়া আপুনি কি কৰিব ?
এই সম্পৰ্কত মহাৰাষ্ট্ৰ কোভিড-১৯ টাস্ক ফ'ৰ্চৰ সদস্য ড০ শশাংক যোশীয়ে কয় যে দ্বিতীয়টো ড'জ গ্ৰহণ কৰা পলম হ'লেও আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । কিন্তু ইয়াক অনিৰ্দিষ্টকাললৈ পিছুৱাই নিদিব । কোভাক্সিনৰ ক্ষেত্ৰত প্ৰথমটো ড'জৰ পৰা দ্বিতীয়টো ড'জৰ ব্যৱধান ৪৫ দিনলৈকে বৃদ্ধি কৰিব পাৰি । কোভিশ্বিল্ডৰ ক্ষেত্ৰত দ্বিতীয়টো ড'জ তিনিমাহ পিছতো গ্ৰহণ কৰিব পাৰি ।
এইবোৰ হৈছে প্ৰাৰম্ভিক প্ৰজন্মৰ ভেকচিন আৰু ইয়াৰ ওপৰত অধ্যয়ন এতিয়াও চলি আছে। দ্য লেঞ্চেটে শেহতীয়াকৈ এটা অধ্যয়ন প্ৰকাশ কৰিছে যদি দুয়োটা ড'জ ১২ সপ্তাহৰ ব্যৱধানতো প্ৰয়োগ কৰা হয়, তেন্তে কোভিশ্বিল্ডৰ ৮১.৩% কাৰ্যকাৰীতা থাকে, কিন্তু ৬ সপ্তাহতকৈ কম ব্যৱধানত প্ৰয়োগ কৰিলে মাত্ৰ ৫৫.১%হে কাৰ্যকাৰিতা থাকে । লগতে অধ্যাপক ৰবিয়ে কয় যে ড'জবোৰৰ মাজৰ ব্যৱধান যিমানে দীঘলীয়া হয়, সিমানেই ভাল হয়। সেই সময়ছোৱাতে সংক্ৰমণ হোৱাৰ আশংকাত ব্যৱধান দীঘলীয়া কৰা নহয় ।
প্ৰথমটো ড'জ কোভাক্সিন গ্ৰহণৰ পিছত দ্বিতীয়টো ড'জ কোভাক্সিনৰ পৰিৱৰ্তে কোভিশ্বিল্ড ল'ব পাৰিবনে ?
যিহেতু ভেকচিন বিকাশৰ সকলো প্ৰচেষ্টা স্বতন্ত্ৰভাৱে সম্পন্ন কৰা হৈছিল, দুটা ড'জৰ বাবে দুটা পৃথক ভেকচিন ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি সেই বিষয়ে বিবৃতি দিয়াৰ কোনো তথ্য নাই । CDCৰ মতে, কোভিড–১৯ ভেকচিনৰ ড'জ সলনি কৰিব নোৱাৰি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।