ক'ৰোনাত আক্ৰান্ত লোকক কিমান দিন home isolationত ৰখা উচিত? এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই কি কয়?

News18 Assam | News18-Assam
Updated:April 30, 2021, 8:52 PM IST
ক'ৰোনাত আক্ৰান্ত লোকক কিমান দিন home isolationত ৰখা উচিত? এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই কি কয়?
(ANI/1 March 2021)

যদি ৰোগীৰ দহ দিন ঘৰত বিচ্ছিন্ন হৈ থকাৰ পিছত কোনো লক্ষণ নাথাকে আৰু তিনি দিন জ্বৰ নহয়, তেনেহ'লে Home isolation আঁতৰ কৰিব পাৰি: এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়া

  • Share this:
দেশখনে ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে। চিকিৎসালয়বোৰত বিচনা নাই, কিন্তু সংক্ৰমণৰ ঘটনা নিৰন্তৰ বৃদ্ধি হৈ আছে। স্বাস্থ্য প্ৰণালীৰ ওপৰত যথেষ্ট চাপ আছে আৰু বিশেষজ্ঞসকলে মৃদু কৰোনা লক্ষণ থকা লোকসকলক Home isolationৰ পৰামৰ্শ দি আছে। প্ৰশ্নটো হ'ল, এজন ব্যক্তিক কিমান দিন Home isolationত ৰখা উচিত? শুকুৰবাৰে ক'ৰোনা ভাইৰাছ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ সংবাদমেলত এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই এই প্ৰশ্নটোৰ উত্তৰ দিছিল।

প্ৰশ্নটোৰ উত্তৰত তেওঁ কয় যে যদি ৰোগীৰ দহ দিন ঘৰত বিচ্ছিন্ন হৈ থকাৰ পিছত কোনো লক্ষণ নাথাকে আৰু তিনি দিন জ্বৰ নহয়, তেনেহ'লে Home isolation আঁতৰ কৰিব পাৰি। তেওঁ লগতে কয় যে যদি Home isolationৰ ম্যাদ শেষ হয় Covid test সম্পন্ন কৰাৰ কোনো প্ৰয়োজন নাই। এইমছৰ সঞ্চালকজনে এইটোও কৈছিল যে remdesivir চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰিব নালাগে আৰু কেৱল চিকিৎসালয়তহে ব্যৱহাৰ কৰিব লাগে।

আনহাতে, দেশত ক'ৰোনাৰ পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে কয় যে যোৱা ১৪ দিনত সংক্ৰমণ বৃদ্ধিৰ গতি উদ্বেগজনক। কৰ্ণাটক, কেৰালা, বংগ, তামিলনাডু, গোৱা, উৰিষ্যাত কোভিড-19 ৰ ক্ষেত্ৰত বৃদ্ধিৰ এক উৰ্ধমুখী গ্ৰাফ আছে। আনহাতে, কোভিড-19ৰ দ্বিতীয় ঢৌ যোৱা বছৰৰ তুলনাত উত্তৰ প্ৰদেশ, ৰাজস্থানত পাঁচগুণ, ছত্তীশগড়ত ৪.৫ গুণ আৰু দিল্লীত ৩.৩ গুণ অধিক।
Published by: Kokil Sarma
First published: April 30, 2021, 8:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি