সংকটৰ সময়ত একাংশ চিকিৎসকৰ মহৎ প্ৰচেষ্টা, WhatsAppযোগে দিছে চিকিৎসাৰ পৰামৰ্শ

News18 Assam | News18-Assam
Updated:March 29, 2020, 3:05 PM IST
সংকটৰ সময়ত একাংশ চিকিৎসকৰ মহৎ প্ৰচেষ্টা, WhatsAppযোগে দিছে চিকিৎসাৰ পৰামৰ্শ
এই সেৱা সম্প্ৰসাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক চিকিৎসকে এই মহান সেৱাত আত্মনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

এই সেৱা সম্প্ৰসাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক চিকিৎসকে এই মহান সেৱাত আত্মনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

  • Share this:
সমগ্ৰ বিশ্বত এতিয়া কোৰোণাৰ বিভীষিকা। কোৰোণাই কোঙা কৰি পেলাইছে বিশ্বৰ বহু আগশাৰীৰ দেশক। ভাৰততো কোৰোণাত আক্ৰান্ত ৰোগীয়ে অতিক্ৰম কৰিছে হাজাৰৰ ঘৰ। সমগ্ৰ দেশতে বৰ্তমান লকডাউন। অত্যাৱশ্যকীয় সেৱাসমূহৰ বাদে সকলো বন্ধ। এনে অৱস্থাত বিপদত পৰিছে বহু ৰোগী। যান–বাহনৰ অভাৱত হাস্পতাললৈ আহিব পৰা নাই বহু লোক।

সেই লোকসকলৰ বাবে গুৱাহাটীৰ একাংশ চিকিৎসকে হাতত লৈছিল এক মহৎ প্ৰচেষ্টা। WhatsAppতে তেনে লোকক চিকিৎসাজনিত প্ৰশ্নৰ উত্তৰ দিয়াৰ সেৱা আৰম্ভ কৰিছিল। ‘মেডিচিটী গুৱাহাটী’ৰ চিকিৎসকলৰ এই বিনামূলীয়া সেৱাৰ প্ৰতি জনসাধাৰণে ব্যাপক সঁহাৰি জনাইছিল। এই সেৱা সম্প্ৰসাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক চিকিৎসকে এই মহান সেৱাত আত্মনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

আগৰে পৰা যিকেইটা বিভাগৰ যিকেইগৰাকী চিকিৎসকে সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ সৈতে এতিয়া নতুনকৈ সংলগ্ন হ'বলগীয়া চিকিৎসকল হৈছে:

১) ইণ্টাৰনেল মেডিচিন
ডাঃ এম ৰহমান, ৱাটছএপ নম্বৰ: 8638333122



২) গেষ্ট্রোএণ্টাৰ’ল’জী

ডাঃ অমিতাভ গোস্বামী, ৱাটছএপ নম্বৰ: 9707242483



৩) হেপাটোল’জী আৰু লিভাৰৰ ৰোগ
ডাঃ অমিতাভ শৰ্মা, ৱাটছএপ নম্বৰ: 6901224848



৪) হেমাটোল’জী
ডাঃ আছিফ ইকবাল, ৱাটছএপ নম্বৰ: 9706570678

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading