সঁচাকৈ সুৰাই প্ৰতিৰোধ কৰিব পাৰেনে কোৰোণা ভাইৰাছ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

News18 Assam | News18-Assam
Updated:March 8, 2020, 10:54 AM IST
সঁচাকৈ সুৰাই প্ৰতিৰোধ কৰিব পাৰেনে কোৰোণা ভাইৰাছ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?
ক্ল’ৰিন আৰু সুৰাৰ ব্যৱহাৰ বীজাণু শেষ কৰাৰ বাবে ব্যৱহাৰ হয়, কিন্তু ইয়াৰ ব্যৱহাৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কৰা উচিত।

ক্ল’ৰিন আৰু সুৰাৰ ব্যৱহাৰ বীজাণু শেষ কৰাৰ বাবে ব্যৱহাৰ হয়, কিন্তু ইয়াৰ ব্যৱহাৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কৰা উচিত।

  • Share this:
সমগ্ৰ বিশ্বত এতিয়া কোৰোণা ভাইৰাছৰ আতংক। ভাৰততো এতিয়ালৈ ৩৪জন লোক আক্ৰান্ত হৈছে এই ঘাতক ভাইৰাছত। এনে সময়তে কোৰোণা ভাইৰাছ প্ৰতিৰোধক লৈ ওলাইছে বহু গুজব। ছচিয়েল মিডিয়াত কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ সুৰাপান কৰাৰ কথা কোৱা হৈছে। কোৱা হৈছে যে সুৰাপান কৰিলে কোৰোণা ভাইৰাছ নিঃশেষ হয়। কিন্তু এই গুজবক মিছা আখ্যা দিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)–এ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ এডেনাম ঘেব্ৰীছাছে বিশ্বত কোৰোণা ভাইৰাছক লৈ বিয়পা উৰাবাতৰিক লৈ স্পষ্টীকৰণ দি কয় যে সুৰা সেৱনে কোৰোণা ভাইৰাছ নিঃশেষ কৰিব নোৱাৰে। WHOৰ ফালৰ পৰা কোৱা হৈছে যে শৰীৰত এই ভাইৰাছ লাগিলে ক্ল’ৰিন বা সুৰাৰ দ্বাৰা নমৰে।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কাপোৰ, চকু আৰু মুখত সুৰা ছটিয়ালে সেয়া স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে। ক্ল’ৰিন আৰু সুৰাৰ ব্যৱহাৰ বীজাণু শেষ কৰাৰ বাবে ব্যৱহাৰ হয়, কিন্তু ইয়াৰ ব্যৱহাৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কৰা উচিত।

যদি কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে নিজৰ হাত এলকহলযুক্ত হেণ্ডৱাছ বা চাবোনেৰে ধুব পাৰে। WHOৰ মতে, গৰম পানীৰে গা ধুলেও বাচি থাকিব পৰা যায় কোৰোণা ভাইৰাছৰ পৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি