মধ্যপ্ৰদেশৰ শ্বাহদল জিলাত ২৯০ জন কোৰোণাত আক্ৰান্ত। কেৱল ২৪ ঘণ্টাতে আক্ৰান্ত হৈছে ৬২ জন
মধ্যপ্ৰদেশৰ শ্বাহদল জিলাত ২৯০ জন কোৰোণাত আক্ৰান্ত। কেৱল ২৪ ঘণ্টাতে আক্ৰান্ত হৈছে ৬২ জন
কোৰোণা আক্ৰান্ত ৰোগীক লগত লৈ PPE কীট পৰিহিত দুজন স্বাস্থ্য কৰ্মীয়ে মাজ ৰাস্তাত খালে কুঁহিযাৰৰ ৰস। মাস্ক খুলি বেপাৰীৰ ওচৰলৈ গৈ কুঁহিয়াৰৰ ৰস কিনি খালে এইজন স্বাস্থ্য কৰ্মীয়ে।
এই ঘটনা হৈছে মধ্যপ্ৰদেশৰ শ্বাহদল জিলাৰ। এখন এম্বুলেন্সত দুজন স্বাস্থ্য কৰ্মীয়ে এটা ব্যেক্তিগত লেবলৈ লৈ গৈ আছিল এগৰাকী কোৰোণা ৰোগীক। তাৰ মাজতে এম্বুলেন্স ৰখাই এই কাণ্ড কৰিলে স্বাস্থ্যকৰ্মী দুজনে। এজনে ৱেপাৰীৰ একেবাৰে ওচৰলৈ গৈ কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰাৰ বিপৰীতে চালকজনে গাড়ীৰ দৰ্জা খুলি গাড়ীৰ ছীটতে বহি আছিল।
এই কাণ্ড দেখাৰ লগে লগে উপস্থিত লোকে স্বাস্থ্যকৰ্মীজনক কিয় এনে কাণ্ডজ্ঞানহীন কাম কৰিছে বুলি জৱাবদিহি কৰাত স্বাস্থ্যকৰ্মীজনেহে খঙত অগ্নি শৰ্মা হৈ পৰে। 'মোক শান্তিত জুছ খাবলৈ দিয়া, মোৰটো কোৰোণা হোৱা নাই'! বুলি উপস্থিত লোককহে গালি গালাজ কৰে স্বাস্থ্যকৰ্মীজনে।
উল্লেখ্য যে মধ্যপ্ৰদেশৰ শ্বাহদলত এই পৰ্যন্ত ২৯০ জন কোৰোণাত আক্ৰান্ত হৈছে আৰু কেৱল ২৪ ঘণ্টাতে আক্ৰান্ত হৈছে ৬২ জন।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|