உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • ৰঙিয়াত কোভিভ প্ৰতিষেধকৰ নাটনি । ৰঙিয়া স্বাস্থ্য খণ্ডৰ ৮টা ভেকচিন কেন্দ্ৰৰ ৫টা কেন্দ্ৰতে নাই কোৰোণাৰ প্ৰতিষেধক।

    ৰঙিয়াত কোভিভ প্ৰতিষেধকৰ নাটনি । ৰঙিয়া স্বাস্থ্য খণ্ডৰ ৮টা ভেকচিন কেন্দ্ৰৰ ৫টা কেন্দ্ৰতে নাই কোৰোণাৰ প্ৰতিষেধক।

    যি তিনিটা ভেকচিন কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হৈছে তাতো নাই পৰ্যাপ্ত ভেকচিন । প্ৰতিদিনে এটা কেন্দ্ৰত মাত্ৰ ১০ৰ পৰা ৩০ গৰাকী লোকেহে ভেকচিন পাইছে। 

    • Share this:
      ৰঙিয়াত কোভিভ প্ৰতিষেধকৰ নাটনিয়ে ৰাইজক চিন্তিত কৰি তুলিছে । কোভেক্সিনৰ দ্বিতীয় পালিৰ বাবে হাহাকাৰ লাগিছে প্ৰথম পালি গ্ৰহণ কৰা লোকসকলৰ । ৰঙিয়া স্বাস্থ্য খণ্ডত এসপ্তাহে নাই কোভেক্সিনৰ দ্বিতীয় পালি।

      কোৰোণাৰ প্ৰতিষেধক কোভেক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰা লোকসকলৰ দ্বিতীয় পালিৰ ভেকচিনটো স্বাস্থ্য বিভাগৰ পৰা যোগান নধৰাত সময় উকলি যোৱাৰ উপক্ৰম হৈছে । ৰঙিয়া স্বাস্থ্য খণ্ডৰ অধীনত ৮টা কোডিড ভেকচিন কেন্দ্ৰ আছে । কিন্তু ভেকচিন কেন্দ্ৰ কেইটাৰ ৫টা ভেকচিন কেন্দ্ৰতে নাই কোৰোণাৰ প্ৰতিষেধক। পুৱাৰ পৰা দীঘলীয়া শাৰী পাতি ভেকচিন নোলোৱাকৈ উভতিব লগা হৈছে শ শ লোক ।

      আনপিনে যি তিনিটা ভেকচিন কেন্দ্ৰত কৰো'না প্ৰতিষেধক প্ৰদান কৰা হৈছে তাতো নাই পৰ্যাপ্ত ভেকচিন । প্ৰতিদিনে এটা ভেকচিন কেন্দ্ৰত মাত্ৰ ১০ৰ পৰা ৩০ গৰাকী লোককহে কোৰোণা ভেকচিন প্ৰদান কৰিব পৰা হৈছে। 

      উল্লেখ্য যে ৰাজ্যত শেহতীয়াভাৱে কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ৰঙিয়াত কোভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে। বৰ্তমানলৈ ৰঙিয়াত কোভিড-১৯ত আক্ৰান্ত হৈ ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে ১০৫০ গৰাকীতকৈও অধিক। 
      Published by:Manjumoni Borah
      First published: