দেশখনত ক'ৰোনাৰ ঘটনা দ্ৰুতগতিত বাঢ়ি আহিছে। প্ৰতিদিনে সংক্ৰমিতৰ সংখ্যা বাঢ়িছে। ক'ৰোনাৰ পৰা মৃত্যুৰ সংখ্যাও কম নহয়। ক'ৰোনাৰ ক্ষেত্ৰত, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে সকলো শিক্ষানুষ্ঠানক এই মাহত অফলাইন মোডত অনুষ্ঠিত হ'ব লগা সকলো পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে।ইয়াৰ ফলত সংক্ৰমণ বিয়পাৰ শৃংখলা ভাঙিব বুলি আশা কৰা হৈছে।
অৱশ্যে, এই সময়ছোৱাত অনলাইন পৰীক্ষা অব্যাহত থাকিব। বহুতো ৰাজ্যই ইতিমধ্যে ক'ৰোনাৰ কাৰণে ব'ৰ্ড পৰীক্ষা স্থগিত ৰাখিছে। ইফালে, এলাহাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ত গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা হৈছে। ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যৰ বিদ্যালয়সমূহতো গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : May 05, 2021, 11:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।