Covid 19 : কোৰোণাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন ৰাজনৈতিক নেতা। কেন্দ্ৰীয় বনমন্ত্ৰী প্ৰকাশ জাভেদকাৰো হ'ল আক্ৰান্ত। আৰু কোন কোন আছে তালিকাত?
শুকুৰবাৰে কোৰোণাত আক্ৰান্ত হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰঞ্জিৎ সিং সূৰ্যেৱালা।
শুকুৰবাৰে কোৰোণাত আক্ৰান্ত হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰঞ্জিৎ সিং সূৰ্যেৱালা।
- News18 Assam
- Last Updated: April 16, 2021, 10:31 PM IST
I have tested #COVID positive today. All those who have come in contact with me in the last 2-3 days may please get themselves tested.
— Prakash Javadekar (@PrakashJavdekar) April 16, 2021
ইপিনে কোৰোণাত আক্ৰান্ত হৈছে দেশৰ আন কেইবাগৰাকীও ৰাজনৈতিক নেতা। শুকুৰবাৰে কোৰোণাত আক্ৰান্ত হোৱাসকলৰ ভিতৰত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা। যেডিয়ুৰাপ্পাক লগে লগে মণিপাল হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে এতিয়ালৈ দুবাৰকৈ কোৰণাত আক্ৰন্ত হ'ল যেডিয়ুৰাপ্পা। কোৰোণাত আক্ৰান্ত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ ৰঞ্জিৎ সিং সূৰ্যেৱালাও।
ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যানাথ, প্ৰাক্তন মুখ্য মন্ত্ৰী অখিলেশ যাদৱ, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় ৱিজয়ন, প্ৰাক্তন মুখ্যমন্ত্ৰী ওমান চাণ্ডী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতা কোৰোণাত আক্ৰান্ত হৈছে।












