বৃদ্ধি পাব নেকি ল’ক ডাউনৰ সময়সীমা? কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আগজাননী

কৃষি ‘Infrustructure’ৰ বিকাশৰ বাবে ১ লাখ কোটি টকাৰ ফাণ্ড।
এতিয়া সমগ্ৰ দেশতে ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ এতিয়া সমগ্ৰ দেশ ল’ক ডাউন।
- News18 Assam
- Last Updated: March 30, 2020, 12:35 PM IST
ল’ক ডাউনৰ দ্বিতীয় দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰণালয়ে ঘোষণা কৰিছিল বিশেষ পেকেজ। আনকি আগন্তুক তিনিমাহলৈ ই এম আই দেশবাসীয়ে পৰিশোধ কৰিব নালাগে বুলিও ঘোষণা কৰিছিল। বিত্তমন্ত্ৰণালয়ে সকলো ঘোষণা তিনিমাহৰ বাবে কৰাত বহুতে কৈছিল যে, ল’ক ডাউনৰ সময়সীমা তিনিমাহলৈ বৃদ্ধি কৰা হ’ব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰ নসাৎ কৰিছে এই কথা। কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে বিষয়টো এতিয়াও বিচাৰধীন হৈ আছে বুলি কৰে মন্তব্য।
প্ৰেছ ইনফৰমেছন ব্যুৰ’ই সোমবাৰে এই বিষয়ে জানিবলৈ দিয়ে। পি আই বিয়ে কয় যে, ‘ল’ক ডাউনৰ সময়সীমা বৃদ্ধি কৰিব বুলি ওলোৱা খবৰ সঁচা নহয়। মিডিয়া ৰিপৰ্টৰ ভিত্তিত এই কথা কৈ থকা হৈছে। এই খবৰ এতিয়া কেবিনেট সচিবে খাৰিজ কৰে। এতিয়াই এই ল’ক ডাউনৰ সময়সীমা বৃদ্ধিৰ কথা চিন্তা কৰা নাই বুলিও আনকি জানিবলৈ দিয়ে।