ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:March 27, 2020, 5:29 PM IST
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি
জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা  ক’ৰোণা ভাইৰাছৰ কিছু লক্ষণে দেখা দিছিল প্ৰধানমন্ত্ৰী গৰাকীৰ শৰীৰত

জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা  ক’ৰোণা ভাইৰাছৰ কিছু লক্ষণে দেখা দিছিল প্ৰধানমন্ত্ৰী গৰাকীৰ শৰীৰত

  • Share this:
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বোৰিছ জনছনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকী নিজেই আইছ’লেটেড হৈ আছে। জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা  ক’ৰোণা ভাইৰাছৰ কিছু লক্ষণে দেখা দিছিল প্ৰধানমন্ত্ৰী গৰাকীৰ শৰীৰত।  আৰু আজি পৰীক্ষা কৰাৰ পিছত জনছনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে।

ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান মই নিজে সামাজিক দুৰত্ব বজাই ৰাখিছো। উল্লেখযোগ্য যে,  ‘ব্ৰিটেইনত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা মুঠ ৯,৫২৯ জন।’
Published by: Himangshu Bhuyan
First published: March 27, 2020, 5:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি