• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • কোৰোণাৰ দ্বিতীয় লহৰত ঘাট-মাউৰা হ'ল দুটি শিশু। পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা মনজিৎ আৰু বন্দিতা।

কোৰোণাৰ দ্বিতীয় লহৰত ঘাট-মাউৰা হ'ল দুটি শিশু। পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা মনজিৎ আৰু বন্দিতা।

পিতৃ-মাতৃৰ আকস্মিক বিয়োগত শোকত ভাগি পৰে তামুলপুৰ ছেইণ্ট ঝেভিয়াৰ হাইস্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ মনজিৎ বড়ো আৰু দশম শ্ৰেণীৰ ছাত্ৰী বন্দিতা বড়ো‌।

  • Share this:
কোভিড -১৯ৰ দ্বিতীয় লহৰে সংহাৰীৰূপ ধাৰণ কৰি দিশহাৰা কৰি তোলাৰ সময়তে তামুলপুৰ মহকুমাৰ ওডালগুৰি গাঁঁৱত কোভিড-১৯ এ ঘাট-মাউৰা কৰিলে দুটি সন্তানক l

ওদালগুৰি গাঁৱৰ জীৱন বড়ো যোৱা ২১ মে’ৰ পৰা কোভিডত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । জীৱন বড়োৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ বাতৰি  পাই তেওঁৰ পত্নী ৰীণা  বড়ো মানসিকভাৱে ভাগি পৰে আৰু যোৱা ৩ জুন তাৰিখে ৰীণা বড়োৰ মৃত্যু হয়। ইয়াৰএদিন পিছতে অৰ্থাৎ ৪ জুন তাৰিখে জীৱন বড়োৰো চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

পিতৃ মাতৃৰ আকস্মিক বিয়োগত দুই সন্তান নিঠৰুৱা হৈ পৰে। শোকত ভাগি পৰে তামুলপুৰ ছেইণ্ট ঝেভিয়াৰ হাইস্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ মনজিৎ বড়ো আৰু দশম শ্ৰেণীৰ ছাত্ৰী বন্দিতা বড়ো‌। জীৱনৰ আদি পাঠ আৰম্ভ কৰাৰ সময়তে হঠাৎ কোভিডত আক্ৰান্ত হৈ  পিতৃ-মাতৃ দুয়োৰে মৃত্যু হোৱাত দুই সন্তান দিশহাৰা হৈ পৰিছে।

নিঠৰুৱা শিশু দুটিৰ কথা ভাবি আত্মীয় স্বজন তথা প্ৰতিবেশী সকলোৱে চিন্তিত হৈ পৰিছে । কিদৰে নিঠৰুৱা তথা ঘাটমাউৰা দুই সন্তানক শিক্ষা প্ৰদান কৰিব সেই লৈও সকলো চিন্তিত হৈ পৰিছে ৷ সেয়েহে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত অনাথ হোৱা শিশু দুটিৰ ভৱিষ্যতৰ দায়িত্ব লোৱাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে আত্মীয় স্বজন তথা স্থানীয় ৰাইজে।
Published by:Manjumoni Borah
First published: