• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19 Vaccine : মাত্ৰ ৫০০ টকাৰ ভিতৰত কোৰোণা ভেকচিনৰ দুটা ড'জ। ভাৰতত কোৰোণাৰ আটাইতকৈ সস্তা ভেকচিন। জানক সবিশেষ...

Covid-19 Vaccine : মাত্ৰ ৫০০ টকাৰ ভিতৰত কোৰোণা ভেকচিনৰ দুটা ড'জ। ভাৰতত কোৰোণাৰ আটাইতকৈ সস্তা ভেকচিন। জানক সবিশেষ...

file image

file image

কৰ্বেভেক্স (Corbevax) নামৰ এই ভেকচিন বিধ প্ৰস্তুত কৰিছে ভাৰতীয় কোম্পানী 'বায়'লজিকেল-ই লিমিটেড' (M/s Biological-E Ltd)এ।

  • Share this:
কোৰোণা প্ৰতিষেধকৰ নাটনিক লৈ দেশজুৰি হাহাকাৰ লাগি থকা সময়তে আহিছে এক ভাল খবৰ। এতিয়া মাত্ৰ ৫০০ টকাতে ল'ব পাৰিব কোৰোণা ভেকচিনৰ দুটা ড'জ। তাৰ মানে ভেকচিনৰ এটা ড'জৰ দাম হ'ব মাত্ৰ ২৫০ টকা। অবিশ্বাস্য যেন লাগিলেও এই কথাই সচা হ'বলৈ গৈ আছে অতি সোনকালে।

কৰ্বেভেক্স (Corbevax) নামৰ এই ভেকচিন বিধ প্ৰস্তুত কৰিছে ভাৰতীয় কোম্পানী 'বায়'লজিকেল-ই লিমিটেড' (M/s Biological-E Ltd)এ। বৰ্তমান এই ভেকচিন বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ অন্তিম স্তৰত উপনীত হৈছে আৰু কোম্পানীটোৱে ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে আবেদন কৰিবলৈ সাজু হৈছে। ইতিমধ্যে হায়দৰাবাদস্থিত এই কোম্পানীটোৰ সৈতে ৩০ কোটি ভেকচিন যোগানৰ চুক্তি স্বাক্ষৰ কৰিছে ভাৰত চৰকাৰে।

কোম্পানীটোৱে নিজাববীয়াকৈ ভেকচিনটোৰ দামৰ কথা এই পৰ্যন্ত একো কোৱা নাই যদিও টাইমছ অৱ ইণ্ডিয়াত ওলোৱা এক খবৰ মতে দুটা ড'জৰ দাম ৪০০ টকাৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। কৰ্বেভেক্স ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পৰীক্ষণৰ ফলাফল ভাল বুলি জানিব পৰা গৈছে।

আমেৰিকাৰ বেয়লৰ কলেজ অৱ মেডিচিন (Baylor College of Medicine)ৰ সহযোগত এই ভেকচিনবিধ প্ৰস্তুত কৰা হৈছে। একে সময়তে 'বায়'লজিকেল-ই লিমিটেড'এ কানাডাৰ এটা কোম্পানীৰ সৈতে মিলি mRNA (মেছেঞ্জাৰ ৰাইব'নিউক্লিক এচিড) ভেকচিন PTX-COVID19-B প্ৰস্তুতৰ কাম কৰি আছে।

উল্লেখ্য ভাৰতত এই মুহূৰ্তত দুটা ড'জ কোভিশ্বীল্ডৰ দাম ব্যক্তিগত খণ্ডত ১২০০ টকা, দুটা ড'জ কোভেক্সিনৰ ব্যক্তিগত খণ্ডত দাম ২৪০০ টকা আৰু ৰাছিয়াৰ স্পূটনিক V ভেকচিনৰ এটা ড'জৰ দাম ৯৯৫ টকা।
Published by:Manjumoni Borah
First published: