কোভিড পজিটিভ দুগৰাকী প্ৰসূতি দুটি সন্তান জন্ম। PPE কিট পিন্ধি অস্ত্ৰোপ্ৰচাৰ কৰি নতুন অভিজ্ঞতাৰ লগতে দুই মাতৃৰ মুখত হাঁহি বিৰিঙালে চিকিৎসকে।
কোভিড পজিটিভ দুগৰাকী প্ৰসূতি দুটি সন্তান জন্ম। PPE কিট পিন্ধি অস্ত্ৰোপ্ৰচাৰ কৰি নতুন অভিজ্ঞতাৰ লগতে দুই মাতৃৰ মুখত হাঁহি বিৰিঙালে চিকিৎসকে।
গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কোভিড আক্ৰান্ত দুই প্ৰসূতিৰ মুখত আনন্দৰ বন্যা । চিকিৎসালয়ত জন্ম দিলে দুই সন্তান । চিকিৎসক নাৰ্চৰো মাজতো আনন্দ ।
ক'ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে গোলাঘাটৰ তিনিজন চিকিৎসকে দেখুৱালে নিদৰ্শন । দুগৰাকী ক'ৰোনাত আক্ৰান্ত প্ৰসূতি মহিলাক সুকলমে অষ্ট্ৰোপচাৰ কৰি সন্তান জন্ম । PPE কিট পিন্ধি অস্ত্ৰোপ্ৰচাৰ কৰি নতুন অভিজ্ঞতাৰ লগতে দুই মাতৃৰ মুখত হাঁহি বিৰিঙালে চিকিৎসকে।
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত সোমবাৰে সন্ধিয়া সম্পন্ন হয় এই অষ্ট্ৰোপচাৰ। প্ৰসূতি দুগৰাকীৰ সন্তান কেইটিও কোভিড নিগেটিভ।
উল্লখ্য, গোলাঘাট বৰকাঠনি চাহ বাগিচাৰ সুভদ্ৰা তাঁতীক যোৱা ২৯ মে'ত আৰু ৰূপা তাঁতীক সোমবাৰে দিনৰ ১১ বজাত চিকিৎসালয়ত ভৰ্তি কৰাই । প্ৰসূতি দুগৰাকীৰ কোভিড পজিটিভ হোৱা বাবে সুকীয়া চিকিৎসা ব্যৱস্থা কৰি প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ এচ হক, ডাঃ জি দলে আৰু ডাঃ এ বৰাই পিপিই কিট পৰিধান কৰি অষ্ট্ৰোপচাৰ সম্পন্ন কৰে । এক জটিল ক্ষণত সন্তান জন্ম লাভ কৰা দুই প্ৰসূতি পৰিয়ালত এতিয়া হাঁহিৰ বন্যা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|