মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Delta Plus Variant: সাৱধান উত্তৰ-পূবত Delta Plusৰ entry ! ত্ৰিপুৰাত ১৩৮ জন লোকৰ শৰীৰত পোৱা গৈছে Delta Plus প্ৰকাৰৰ অৱস্থিতি...

Delta Plus Variant: সাৱধান উত্তৰ-পূবত Delta Plusৰ entry ! ত্ৰিপুৰাত ১৩৮ জন লোকৰ শৰীৰত পোৱা গৈছে Delta Plus প্ৰকাৰৰ অৱস্থিতি...

News18 Assam | News18-Assam
Updated:July 10, 2021, 2:21 PM IST
Delta Plus Variant: সাৱধান উত্তৰ-পূবত Delta Plusৰ entry ! ত্ৰিপুৰাত ১৩৮ জন লোকৰ শৰীৰত পোৱা গৈছে Delta Plus প্ৰকাৰৰ অৱস্থিতি...
ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ১৩খন চহৰত শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ সান্ধ্য আইন ঘোষণা কৰিছে। ত্ৰিপুৰাত পোৱা গৈছে Delta Plus Variant । পৰীক্ষাগাৰলৈ  Genome Sequencingৰ কাৰণে প্ৰেৰণ কৰা ১৫১তা Sampleৰ ১৩৮টা sampleত পোৱা গৈছে Delta Plusৰ অৱস্থিতি ।

  • Share this:
ত্ৰিপুৰাত পোৱা গৈছে Delta Plus Variant । পৰীক্ষাগাৰলৈ  Genome Sequencingৰ কাৰণে প্ৰেৰণ কৰা ১৫১তা Sampleৰ ১৩৮টা sampleত পোৱা গৈছে Delta Plusৰ অৱস্থিতি । Sample সমূহ পশ্চিম বংগৰ কল্যাণীত থকা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।  প্ৰথম বাৰৰ কাৰণে উত্তৰ পূৱৰ কোনোবা ৰাজ্যত Delta Plus পোৱা গৈছে । আগৰতলাত ৰাজ্য স্বাস্থ্য পৰিদৰ্শন বিষয়া দীপ কুমাৰ দেৱ বাৰ্মাই সংবাদ মাধ্যমত এই কথা সদৰী কৰিছে ।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ১৩খন চহৰত শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ সান্ধ্য আইন ঘোষণা কৰিছে । এই নিৰ্দেশ আজিৰ পৰা সোমবাৰে পুৱা ৬বজালৈ প্ৰযোজ্য হ’ব ।  আনহাতে আন স্থানসমূহত আংশিক সান্ধ্য আইন ১৭ জুলাইলৈ বৃদ্ধি কৰা হৈছে । পশ্চিম ত্ৰিপুৰা জিলাত সৰ্বাধিক ১১৫জন Delta Plusত আক্ৰান্ত হৈছে । চেপাহিজালাত আক্রান্ত হৈছে ৮জন লোক । গোমতি জিলাত Delta Plus পোৱা গৈছে ৫জনৰ শৰীৰত। উনাকটিত চাৰিজন, উত্তৰ ত্ৰিপুৰাত ২জন, দক্ষিণ ত্ৰিপুৰাত ২জন আৰু খোৱাই আৰু ঢালাই জিলাত এজনকৈ লোক আক্রান্ত হৈছে ।

এনে পৰিস্থিতিত ডাঃ দেৱবাৰ্মাই ৰাজ্যবাসীক Covid সম্বন্ধীয় সকলো নিৰ্দেশনা পালন কৰিবলৈ আৰু প্ৰতিৰোধৰ কাৰণে উচিত আচৰণ কৰিবলৈ আহ্বান জনাইছে । তেওঁ লগতে কয় – Delta Plusৰ Deltaতকৈ সক্ৰমণ ক্ষমতা বেছি আৰু এই প্ৰকাৰে তীব্ৰ গতিত হাঁওফাঁওত বিৰূপ প্ৰভাৱ পেলাব পাৰে । ত্ৰিপুৰাত এতিয়ালৈ ৬৯,৫৫০জন আক্রান্ত হৈছে । ৰাজ্যখনত দৈনিক আক্রান্ত হোৱাৰ হাৰ ৬.৬২শতাংশ ।
Published by: Kokil Sarma
First published: July 10, 2021, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি