৩ বছৰীয়া শিশুৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছ, ভাৰতত আক্ৰান্তৰ সংখ্যা ৪০জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:March 9, 2020, 10:34 AM IST
৩ বছৰীয়া শিশুৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছ, ভাৰতত আক্ৰান্তৰ সংখ্যা ৪০জনলৈ বৃদ্ধি
৭ মাৰ্চত ডুবাইৰ পৰা কোচীত উপস্থিত হৈছিল পৰিয়ালটো।

৭ মাৰ্চত ডুবাইৰ পৰা কোচীত উপস্থিত হৈছিল পৰিয়ালটো।

  • Share this:
কেৰালাৰ কোচীত এটি তিনি বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। বৰ্তমানলৈ ভাৰতত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৪০জনলৈ। শেহতীয়াকৈ এই শিশুটিয়ে পিতৃ–মাতৃৰ সৈতে ইটালীলৈ গৈছিল। ৭ মাৰ্চত ডুবাইৰ পৰা কোচীত উপস্থিত হৈছিল পৰিয়ালটো।

কোচী বিমানবন্দৰত স্ক্ৰীণিঙত শিশুটি কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হয়। তাৰ পিছতে শিশুটিক পৰিয়ালৰ সৈতে আইছ’লেট কৰা হয়। শিশুটিৰ নমুনা পুণেলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু পৰীক্ষাত শিশুটি এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হয়।
Published by: Sanjay Kumar Das
First published: March 9, 2020, 10:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading