মুখ্যপৃষ্ঠা » খবৰ

» Corona

»কাল কোৰোণাই থান-বান কৰি গ'ল এটা পৰিয়াল ! হাজোত পিতৃৰ লগতে কোৰোণাই কাঢ়ি নিলে দুই পুত্ৰৰ প্ৰাণ।

কাল কোৰোণাই থান-বান কৰি গ'ল এটা পৰিয়াল ! হাজোত পিতৃৰ লগতে কোৰোণাই কাঢ়ি নিলে দুই পুত্ৰৰ প্ৰাণ।

News18 Assam | News18-Assam
Updated:June 19, 2021, 9:29 AM IST
কাল কোৰোণাই থান-বান কৰি গ'ল এটা পৰিয়াল ! হাজোত পিতৃৰ লগতে কোৰোণাই কাঢ়ি নিলে দুই পুত্ৰৰ প্ৰাণ।
এমাহ নহওতেই পৰিয়ালৰ তিনি সদস্যৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়াল আৰু গাঁওবাসীয়ে।

এমাহ নহওতেই পৰিয়ালৰ তিনি সদস্যৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়াল আৰু গাঁওবাসীয়ে।

  • Share this:
কামৰূপ জিলাৰ দক্ষিণ পাকৰকোণাত কোভিডত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ পিতৃসহ দুই পুত্ৰই হেৰুৱালে প্ৰাণ। ঘাটকৰূপী কোৰোণাই কাল হ'ল এই পৰিয়ালটোৰ।

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী গাঁও পঞ্চায়তৰ দক্ষিণ পাকৰকোণাৰ পৰিয়ালটোৰ এজন এজনকৈ তিনিজন সদস্যৰ প্ৰাণ ল'লে মহামাৰী ক'ৰোণাই । ২২ মে'ত কোভিডত আক্ৰান্ত হৈ প্ৰথমতে মৃত্যু হৈছিল পুত্ৰ দীপক দাসৰ। তাৰ তেৰ দিন পিছতে পিতৃ বিষ্ণুৰাম দাসৰো মৃত্যু হয় কোৰোণাত। পুনৰ তেৰদিন পিছত আন এজন পুত্ৰ ৰত্নকান্ত দাসো ঘাটকৰূপী কোৰোণাৰ বলি হয়।

পিতৃসহ দুই পুত্ৰৰ এনেদৰে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ গাওঁখনতেই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।  এমাহ নহওতেই পৰিয়ালৰ তিনি সদস্যৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই গাঁওবাসীয়ে।

দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ উৎস আছিল দুই পুত্ৰ। দুয়োৰেই মৃত্যু হোৱাত পৰিয়ালটোৰ মাজলৈ এতিয়া ঘোৰ অমানিশা নামি আহিছে।
Published by: Manjumoni Borah
First published: June 19, 2021, 9:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি