লকডাউনৰ ফলত সংকটত কপিকূল, খাদ্যৰ অভাৱত মুখ শুকাইছে বান্দৰৰ 

News18 Assam | News18-Assam
Updated:March 29, 2020, 10:27 AM IST
লকডাউনৰ ফলত সংকটত কপিকূল, খাদ্যৰ অভাৱত মুখ শুকাইছে বান্দৰৰ 
সততে মন্দিৰলৈ অহা দৰ্শণাৰ্থীয়ে দিয়া কল, বুট, বিস্কুট আদি খাই পেট পুৰাই মন্দিৰত থকা প্ৰায় হাজাৰটা বান্দৰে৷

সততে মন্দিৰলৈ অহা দৰ্শণাৰ্থীয়ে দিয়া কল, বুট, বিস্কুট আদি খাই পেট পুৰাই মন্দিৰত থকা প্ৰায় হাজাৰটা বান্দৰে৷

  • Share this:
COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে তলাবন্ধ হৈ আছে সমগ্ৰ দেশ৷ বন্ধ আছে মন্দিৰসমূহৰো দুৱাৰ৷ কোৰোণা ভাইৰাছৰ চেইনডাল ভংগ কৰিবৰ বাবে ২১ দিনৰ বাবে তলাবন্ধ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মন্দিৰৰ দুৱাৰ বন্ধ থকাত তীব্ৰ খাদ্য সংকটত ভুগিছে নৱগ্ৰহ মন্দিৰৰ কপিকূল৷

সততে মন্দিৰলৈ অহা দৰ্শণাৰ্থীয়ে দিয়া কল, বুট, বিস্কুট আদি খাই পেট পুৰাই মন্দিৰত থকা প্ৰায় হাজাৰটা বান্দৰে৷ তলাবন্ধৰ প্ৰথম পাঁচটা দিনতে তীব্ৰ খাদ্য সংকটত ভুগিছে বান্দৰখিনিয়ে৷পেটৰ ভোকত কলৰ পাত, আমগছৰ ফুল, কোমল ঘাঁহ খাইছে বান্দৰে। আন আন মন্দিৰত থকা বান্দৰৰো একেই অৱস্থা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading