ভাৰতত কোৰোণাত আক্ৰান্ত তৃতীয়জন লোকৰ মৃত্যু, মহাৰাষ্ট্রত প্ৰথমটো মৃত্যুৰ ঘটনা

News18 Assam | News18-Assam
Updated:March 17, 2020, 11:44 AM IST
ভাৰতত কোৰোণাত আক্ৰান্ত তৃতীয়জন লোকৰ মৃত্যু, মহাৰাষ্ট্রত প্ৰথমটো মৃত্যুৰ ঘটনা
মহাৰাষ্ট্রত এয়া প্ৰথমটো কোৰোণা আক্ৰান্ত লোকৰ মৃত্যুৰ ঘটনা।

মহাৰাষ্ট্রত এয়া প্ৰথমটো কোৰোণা আক্ৰান্ত লোকৰ মৃত্যুৰ ঘটনা।

  • Share this:
ভাৰতত মাৰাত্মক কোৰোণা ভাইৰাছত আক্ৰান্ত প্ৰাণ হেৰুৱালে আৰু এজন লোকে। মহাৰাষ্ট্রত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু এজন লোকৰ। এতিয়ালৈ ভাৰতত মৃত্যুৰ সংখ্যা তিনিজন।

মুম্বাইৰ কস্তুৰবা হাস্পতালত মৃত্যু হয় তৃতীয়জন লোকৰ। মহাৰাষ্ট্রত এয়া প্ৰথমটো কোৰোণা আক্ৰান্ত লোকৰ মৃত্যুৰ ঘটনা। ৬৪ বছৰীয়া লোকজনে শেহতীয়াকৈ ডুবাইৰ পৰা উভতিছিল। তাৰ পিছতে লোকজনৰ দেহত ধৰা পৰিছিল কোৰোণা ভাইৰাছ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে চৌদি আৰবৰ পৰা ওভতা কৰ্ণাটকৰ কলবুৰ্গী নিবাসী ৭৬ বছৰীয়া এজন লোকৰ মৃত্যু হৈছিল। আনহাতে, দিল্লীত ৬৮ বছৰীয়া এগৰাকী মহিলাৰো শুকুৰবাৰে নিশা মৃত্যু হয়।
Published by: Sanjay Kumar Das
First published: March 17, 2020, 11:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading