#CoronavirusPandemic: অতিৰিক্ত টকা নিদিয়াকৈ যিকোনো ATMৰ পৰা টকা উলিয়াব পাৰিব

News18 Assam | News18-Assam
Updated:March 24, 2020, 4:38 PM IST
#CoronavirusPandemic: অতিৰিক্ত টকা নিদিয়াকৈ যিকোনো ATMৰ পৰা টকা উলিয়াব পাৰিব
মিনিমান বেংক বেলেন্সৰ ক্ষেত্ৰতো উঠাই লোৱা হ’ল বাধ্যবাধকতা।

মিনিমান বেংক বেলেন্সৰ ক্ষেত্ৰতো উঠাই লোৱা হ’ল বাধ্যবাধকতা।

  • Share this:
নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ মহামাৰীৰ ৰোধ কৰিবলৈ টঙালী বান্ধিছে ভাৰত চৰকাৰে। দেওবাৰে জনতা কাৰ্ফিউৰ পিছত মঙলবাৰৰ পৰা ঢাপে ঢাপে দেশৰ ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাত লক ডাউন কৰি দিয়া হৈছে। ইয়াৰ মাজতে বিত্তীয় ব্যৱস্থা কেনেকৈ পৰিচালিত হ’ব সেই সন্দৰ্ভত প্ৰশ্ন কৰিছে বিভিন্ন জনে। মঙলবাৰে ইয়াৰ পৰিপ্ৰেক্ষিততে কিছু প্ৰাথমিক ৰূপৰেখা দিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

অন্যান্য বিভিন্ন ঘোষণাৰ লগতে বিত্তমন্ত্ৰী গৰাকীয়ে সাধাৰণ মানুহৰ কাৰণে এক বিশেষ ঘোষণা কৰে। তেওঁ জনায় দিয়ে ৩০জুনলৈকে কোনো এটিএম ব্যৱহাৰ কৰাৰ কাৰণে অতিৰিক্ত টকা দিব নালাগে। লকডাউন থকাৰ কাৰণে মানুহজনে কেৱল নিজৰ বেংকৰ এটিএম বিচাৰি ঘুৰি ফুৰিবলগীয়া যাতে নহয় তাৰ কাৰণে এই ঘোষণা কৰা হৈছে। নিজৰ একেবাৰে কাষৰ এটিএমৰ পৰা এতিয়া মানুহে নিজৰ অন্য বেংকৰ কাৰ্ডেৰে টকা উলিয়াব পাৰিব।

ইয়াৰ লগতে ৩০জুনলৈকে গ্ৰাহকৰ একাউণ্টত কোনো সৰ্বনিম্ন বেলেন্স ৰখাৰো প্ৰয়োজন নাই। এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰতো একাউণ্টৰ বেলেন্স ৰখাৰ প্ৰয়োজন নহ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি