"মই স্বামীৰ কান্ধত কান্ধ মিলাই নহয়, স্বামীৰ জীৱন যুঁজত এটি থুম খুটাৰ দৰে হৈ থাকিব বিচাৰো। যাতে সংকটৰ সময়ত আগবঢ়াব পাৰো সহায়ৰ হাত।"
"মই স্বামীৰ কান্ধত কান্ধ মিলাই নহয়, স্বামীৰ জীৱন যুঁজত এটি থুম খুটাৰ দৰে হৈ থাকিব বিচাৰো। যাতে সংকটৰ সময়ত আগবঢ়াব পাৰো সহায়ৰ হাত।"
একাগ্ৰতা আৰু মানসিক শক্তিৰ বলত আপোনাৰ জুহালখনো গঢ়ি তুলিব পাৰে উপাৰ্জনৰ অন্যতম উৎস হিচাপে। যোৰহাট টীয়কৰ এগৰাকী মহিলাই জুহালখনৰ পৰাই মাহিলি প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰি আৰ্থিকভাৱে স্ৱাৱলম্বী হোৱা দেখা গৈছে।
আদৰ্শ মহিলা গৰাকী হৈছে টীয়কৰ মিধাখাট সোণাৰী গাঁৱৰ ৰঞ্জিতা বৰদলৈ। মহামাৰী কোভিড-১৯ এ বাৰুকৈয়ে প্ৰভাৱিত কৰিলে এইগৰাকী মহিলাক। কোভিডৰ ভয়াবহতা ৰুধিবলৈ ৰাজ্যত ঘোষণা কৰা হ'ল বিভিন্ন নীতি-নিৰ্দেশনা। কৰ্মহীন হৈ পৰিল বহুলোক । কিন্তু এইজাক সৰ্বনাশী বতাহ যেন আৰ্শীবাদহে হৈ পৰিল ৰঞ্জিতা বৰদলৈৰ বাবে। লকডাউন সদৃশ পৰিবেশৰ বাবে বহু গো-পালকে গাখীৰ পেলাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইসময়ত আন দহজনৰ পৰা গাখীৰ সংগ্ৰহ কৰি ৰঞ্জিতা বৰদলৈয়ে তৈয়াৰ কৰিছে নানা দুগ্ধজাত সামগ্ৰী। কেৱল নিজৰ পাগঘৰৰ পৰাই এইগৰাকী মহিলাই মাহীলি উপাৰ্জন কৰে ৪৫ ৰ পৰা ৫০ হাজাৰ টকা। প্ৰথম অৱস্থাত ফেচবুকৰ জড়িয়তে বন্ধু মহলত অৰ্ডাৰ অনুসৰি সামগ্ৰী যোগান ধৰিছিল এইগৰাকী উচ্চ শিক্ষিতা গৃহিনীয়ে। পাছত সম্পূৰ্ণ ব্যৱসায় ভিত্তিত যোগান ধৰিছে প্ৰায় সকলো ধৰণৰ মিঠাই ।
কোভিড -১৯ য়ে স্বাৱলম্বিতাৰ পথ দেখুওৱা ৰঞ্জিতা বৰদলৈয়ে সম্প্ৰতি ৯ টাকৈ পৰিয়ালক দিছে জিৱীকাৰ পথ। তেওঁ কয়, "মই আচলতে স্বামীৰ কান্ধত কান্ধ মিলাই নহয়, স্বামীৰ জীৱন যুঁজত এটি থুম খুটাৰ দৰে হৈ থাকিব বিচাৰো। যাতে সংকটৰ সময়ত আগবঢ়াব পাৰো সহায়ৰ হাত।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|