உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • কোৰোণাৰ বাবেই মন্দা টেণ্ট হাউছৰ ব্যৱসায়। ৰঙিয়াৰ তিনি শতাধিক টেণ্ট হাউছৰ গৰাকী-কৰ্মীৰ হাহাকাৰ।

    কোৰোণাৰ বাবেই মন্দা টেণ্ট হাউছৰ ব্যৱসায়। ৰঙিয়াৰ তিনি শতাধিক টেণ্ট হাউছৰ গৰাকী-কৰ্মীৰ হাহাকাৰ।

    যোৱাবাৰ লকডাউনৰ পিছত পুনৰ মিনি লকডাউনৰ বাবে অনুষ্ঠিত হোৱা নাই বিয়া-সভা আদি অনুষ্ঠান।

    যোৱাবাৰ লকডাউনৰ পিছত পুনৰ মিনি লকডাউনৰ বাবে অনুষ্ঠিত হোৱা নাই বিয়া-সভা আদি অনুষ্ঠান।

    যোৱাবাৰ লকডাউনৰ পিছত পুনৰ মিনি লকডাউনৰ বাবে অনুষ্ঠিত হোৱা নাই বিয়া-সভা আদি অনুষ্ঠান।

    • Share this:
      দীৰ্ঘদিনীয়া লকডাউন আৰু মিনি লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰঙিয়াৰ তিনি শতাধিক টেণ্ট হাউছৰ গৰাকী আৰু তিনি সহস্ৰাধিক কৰ্মচাৰী । বিয়া-সভা, ধৰ্মীয় অনুষ্ঠান আদিত পেণ্ডেল সাজি উলিওৱা এইসকল লোক গভীৰ সংকটত পৰিছে । পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৰঙিয়াৰ শতাধিক টেণ্ট হাউচৰ গৰাকী আৰু সহস্ৰাধিক কৰ্মচাৰীসকলৰ ।

      ব’হাগ আৰু জেঠ মাহত বিয়া-সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান আদি অনুষ্ঠিত হয় । এই দুই মাহতে দিনে নিশাই পেণ্ডেলৰ কাম কৰি উপাৰ্জন কৰে পেণ্ডেলৰ গৰাকী আৰু সহায়কসকলে । কিন্তু যোৱাবাৰ লকডাউনৰ পিছত পুনৰ মিনি লকডাউনৰ বাবে অনুষ্ঠিত হোৱা নাই বিয়া-সভা আদি অনুষ্ঠান । যাৰ বাবে এইসকল টেণ্ট হাউচৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ জীৱিকালৈ গভীৰ সংকট নামি আহিছে ।

      দীৰ্ঘদিনীয়া লকডাউনৰ পিছত ঋণ লৈ লক্ষাধিক টকাৰ বাঁহ আৰু কাপোৰ ক্ৰয় কৰিছিল । কিন্তু এতিয়া সকলোবোৰ বাঁহ, কাপোৰ নষ্ট হৈছে । সেয়েহে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ বাবে ।
      Published by:Manjumoni Borah
      First published: