মুখ্যপৃষ্ঠা » খবৰ

» Corona

»ভিন্ন ৰাজ্যত নাটনি হৈছে ভেকচিনৰ, সেয়ে ২১ কোটিৰো অধিক ভেকচিন ড’জৰ বাবে নিবিদা কেইবাখনো ৰাজ্যৰ, কিন্তু পাবনে ভেকচিন?

ভিন্ন ৰাজ্যত নাটনি হৈছে ভেকচিনৰ, সেয়ে ২১ কোটিৰো অধিক ভেকচিন ড’জৰ বাবে নিবিদা কেইবাখনো ৰাজ্যৰ, কিন্তু পাবনে ভেকচিন?

News18 Assam | News18-Assam
Updated:May 20, 2021, 8:30 PM IST
ভিন্ন ৰাজ্যত নাটনি হৈছে ভেকচিনৰ, সেয়ে ২১ কোটিৰো অধিক ভেকচিন ড’জৰ বাবে  নিবিদা কেইবাখনো ৰাজ্যৰ, কিন্তু পাবনে ভেকচিন?
১৮-৪৪ বছৰ বয়সৰ লোকৰ দৈনিক টীকাকৰণ ৪৪%তকৈ অধিক হোৱাৰ লগতে এতিয়া চাপত আছে ৰাজ্যচৰকাৰ সমূহ, ৯খনকৈ ৰাজ্যই শেহতীয়াকৈ ভেকচিনৰ বাবে প্ৰেৰণ কৰিছে নিবিদা

১৮-৪৪ বছৰ বয়সৰ লোকৰ দৈনিক টীকাকৰণ ৪৪%তকৈ অধিক হোৱাৰ লগতে এতিয়া চাপত আছে ৰাজ্যচৰকাৰ সমূহ, ৯খনকৈ ৰাজ্যই শেহতীয়াকৈ ভেকচিনৰ বাবে প্ৰেৰণ কৰিছে নিবিদা

  • Share this:

কোভিড১৯ৰ দ্বিতীয় ঢৌৰ সংহাৰৰ পিছতেই দেশত এতিয়া টীকাকৰণ প্ৰক্ৰিয়াক লৈ তত্পৰ হৈছে চৰকাৰ । চৰকাৰৰ লগতে দেশৰ জনতাও সমানে আগ্ৰহী ভেকচিন লোৱাৰ বাবে। কিন্তু এনে সময়তে প্ৰশ্ন হৈছে ভেকচিনৰ চাহিদা পূৰণ হ'বনে?


উল্লেখ্য, তৃতীয় পৰ্যায়ত ১৮-৪৪ বছৰ বয়সৰ লোকৰ বাবে ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগেই ভিন্ন ৰাজ্যত নাটনি হৈছে ভেকচিনৰ । ভেকচিনৰ এই নাটনিৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিগত ১৫টাকৈ দিনত কেইবাখনো ৰাজ্যই মুঠ ২১ কোটি ভেকচিন ডোজৰ বাবে আন্তঃৰাষ্ট্ৰীয় নিবিদা প্ৰেৰণ কৰিছে । লগতে এই ষ্টকবোৰ ভিন্ন গোটত বিতৰণৰ বাবে ৩ৰ পৰা ৬মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছে চৰকাৰে । কিন্তু বিশ্বব্যাপী চলি থকা সংকটৰ মাজতেই ভিন্ন দেশে আগতীয়াকৈ কৰা বৃহৎ অৰ্ডাৰৰ বাবে এতিয়া ভেকচিনৰ উপলব্ধতাক লৈ ভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ।


বিগত ১ মে'ৰ পৰা ১৮-৪৪ বছৰ বয়সৰ গোটৰ লোকসকলৰ বাবে কোভিড ভেকচিন শ্বটৰ দায়িত্ব দিয়া হৈছিল ৰাজ্য চৰকাৰসমূহক । ইয়াৰ পিছতেই ভেকচিন শ্বটৰ বৃহৎ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তীব্ৰ চাপত ভোগা ৰাজ্য চৰকাৰসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি News18ক জনায় ৰাজ্যসমূহৰ বিষয়াসকলে ।



এতিয়ালৈকে কমেও ৯খন ৰাজ্যৰ দ্বাৰা জাৰি কৰা এই আন্তঃৰাষ্ট্ৰীয় নিবিদাসমূহে আগষ্টৰ পিছত ভাৰতত ভেকচিনৰ উপলব্ধতাক লৈ কেন্দ্ৰই কৰা দাবীৰ ওপৰত কিছু বিশ্বাস আনিছে।


ইপিনে স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে দাবী কৰিছিল যে জুলাইৰ ভিতৰত দেশত মুঠ ৩০ কোটি ড'জ উপলব্ধ হ'ব আৰু আগষ্ট আৰু ডিচেম্বৰৰ ভিতৰত সকলো বয়সৰ গোটৰ বাবে ২১৬ কোটি অধিক ডোজ উপলব্ধ হ'ব । বুধবাৰে চৰকাৰে এক বিবৃতিত জনায় যে ৰাজ্যসমূহে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে জুনৰ শেষলৈকে দুয়োটা ভেকচিন নিৰ্মাতাৰ পৰা প্ৰায় ৫ কোটি ভেকচিন ড'জ লাভ কৰিব ।


ইপিনে জানিব পৰা মতে, উত্তৰ প্ৰদেশে ৪ কোটি, তামিলনাডুই ৫ কোটি, ওড়িশাই ৩.৮ কোটি, কেৰালাই ৩ কোটি আৰু সৰু ৰাজ্যবোৰে ১-২ কোটি ডোজৰ বাবে আন্তঃৰাষ্ট্ৰীয় নিবিদা প্ৰদান কৰিছে ।


১৮-৪৪বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত বৃহৎ চাহিদা



চৰকাৰী তথ্য অনুসৰি, ২৮ এপ্ৰিলত আবেদন মুকলি হোৱাৰ পিছতে ১৮-৪৪ বছৰ বয়সৰ ৬.৫ কোটিৰো অধিক লোকে ভেকচিন ডোজৰ বাবে পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ১০ শতাংশ লোকেহে টিকা লাভ কৰিছে। বৃহস্পতিবাৰৰ দিনটোত ১৮-৪৪ বয়সৰ লোকৰ বাবে টিকাকৰণৰ স্তৰ আছিল প্ৰায় ৭০ লাখ । দৈনিক প্ৰায় ২০ লাখ অধিক পঞ্জীয়ন হৈছে অৰ্থাৎ জুলাইৰ শেষলৈ ১৮-৪৪ বছৰ বয়সৰ মুঠ পঞ্জীয়ন ২০ কোটিলৈ বৃদ্ধি হ'ব পাৰে। এতিয়ালৈকে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া (Serum Institute of India) আৰু ভাৰত বায়'টেক (Bharat Biotech)ৰ পৰা ৰাজ্যসমূহলৈ ভেকচিনসমূহ যোগান ধৰা হৈছে।


উত্তৰ প্ৰদেশ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই ৰাজ্যখনৰ দ্বাৰা জাৰি কৰিবলগীয়া ৪ কোটি ভেকচিনৰ বৃহৎ আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি কয়, "জুলাইলৈকে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে প্ৰায় সাত কোটি ভেকচিনৰ ব্যৱধান ৰৈ গৈছে। এই বৃহৎ হ্ৰাস পূৰণ কৰিবলৈ যথেষ্ট সংখ্যক ভেকচিনৰ প্ৰয়োজন হ’ব।" ১৮-৪৪ বছৰ বয়সৰ শ্ৰেণীৰ পৰা বাঢ়ি অহা চাহিদা দৈনিক টিকাকৰণ সংখ্যাত প্ৰতিফলিত হৈছে।


ৰাজ্যসমূহৰ মাজত সমান চাপ


আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ভেকচিন নিবিদা দিয়া ৰাজ্য তামিলনাডু আৰু কেৰালাত এতিয়ালৈকে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ ভিতৰত ক্ৰমে মাত্ৰ ৪১,৩১৯ আৰু ৭,৪০১ গৰাকী লোককহে ভেকচিন প্ৰদান কৰা হৈছে । আনহাতে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এই বয়স গোটৰ মাত্ৰ ৪,৬০৫ আৰু ৫০০ গৰাকী লোকক টিকাকৰণ কৰা হৈছে।


ইপিনে বহু ৰাজ্যই তেওঁলোকৰ জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় নিবিদা দিবলৈ নিজৰ মাজত প্ৰতিযোগিতা কৰা দেখা গৈছে। বিগত সপ্তাহত হাৰিয়ানাই আন্তঃৰাষ্ট্ৰীয় নিবিদা দাখিলৰ অভিপ্ৰায় ঘোষণা কৰাৰ পিছতে পঞ্জাবৰ বিৰোধী দলবোৰে অমৰিন্দৰ সিং চৰকাৰকো এখন নিবিদা দিবলৈ হেঁচা প্ৰয়োগ কৰিছে।


বুধবাৰে অন্ধ্ৰ প্ৰদেশে এক কোটি ভেকচিনৰ বাবে নিবিদা দিয়াৰ পিছত তেলেংগানা চৰকাৰেও এক কোটি ভেকচিনৰ বাবে এখন নিবিদা প্ৰেৰণ কৰিছিল। আনফালে তামিলনাডুৱে এতিয়ালৈকে ৫ কোটি ভেকচিনৰ বাবে আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নিবিদা প্ৰদান কৰিছে, ইয়াৰ পিছতে উত্তৰ প্ৰদেশ ৪ কোটি আৰু কেৰালাই ৩ কোটি ভেকচিনৰ বাবে নিবিদা দিয়ে।

Published by: Gautam Barman
First published: May 20, 2021, 8:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি