Covid 19: তেলেগু ছুপাৰষ্টাৰ পৱন কল্যাণ আক্ৰান্ত হ'ল কোৰোণাত। শীঘ্ৰে আৰোগ্যৰ কামনা কৰি অনুৰাগীৰ প্ৰাৰ্থনা।
হায়দৰাবাদৰ সমীপৰ ফাৰ্মহাউছত আইছোলেচনত আছে পৱন কল্যাণ। ব্যক্তিগত চিকিৎসকৰ লগতে এপলো হাস্পতালৰ চিকিৎসকৰ দলেও কৰি আছে নীৰিক্ষণ।
হায়দৰাবাদৰ সমীপৰ ফাৰ্মহাউছত আইছোলেচনত আছে পৱন কল্যাণ। ব্যক্তিগত চিকিৎসকৰ লগতে এপলো হাস্পতালৰ চিকিৎসকৰ দলেও কৰি আছে নীৰিক্ষণ।
- News18 Assam
- Last Updated: April 16, 2021, 6:46 PM IST
অভিনেতাগৰাকী বৰ্তমান সুস্থ আছে বুলি জনাইছে তেওঁৰ ব্যক্তিগত সচিবে। হায়দৰাবাদৰ সমীপৰ ফাৰ্মহাউছত আইছোলেচনত আছে পৱন কল্যাণ। তেওঁৰ ব্যক্তিগত চিকিৎসকে পৰ্যবেক্ষণ কৰি আছে তেওঁৰ স্বাস্থ্যৰ। লগতে এপলো হাস্পতালৰ চিকিৎসকৰ এটা দলো লগে লগে গৈ কল্যাণৰ স্বাস্থ্যৰ বুজ লয়।
శ్రీ @PawanKalyan గారికి కోవిడ్ పాజిటివ్
ఆయన క్షేమం... కొనసాగుతున్న చికిత్స pic.twitter.com/K5ZNrsdbRv
— JanaSena Party (@JanaSenaParty) April 16, 2021
শেহতীয়াকৈ "ৱকীল ছাহাব" নামৰ ছবিখনৰ সফলতাক লৈ আনন্দিত হৈ আছিল পৱন কল্যাণ। তেওঁৰ আশা শীঘ্ৰেই তেওঁ অনুৰাগীৰ মাজলৈ ঘুৰি আহিব। শীঘ্ৰে আৰোগ্যৰ কামনা কৰি পৱন কল্যাণৰ অনুৰাগীয়েও জনাইছে প্ৰাৰ্থনা।












