ক'ভিডকালৰ যোগাত্মক চিন্তা: জনসমাগমস্থলীত সজাগতামূলক পোষ্টাৰ লগাই প্ৰশংসাৰ পাত্ৰ হ'ল এগৰাকী শিক্ষাগুৰু।

News18 Assam | News18-Assam
Updated:April 28, 2021, 7:48 PM IST
ক'ভিডকালৰ যোগাত্মক চিন্তা: জনসমাগমস্থলীত সজাগতামূলক পোষ্টাৰ লগাই প্ৰশংসাৰ পাত্ৰ হ'ল এগৰাকী শিক্ষাগুৰু।
টীয়কৰ বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ বিষয় শিক্ষক পৰাগ শইকীয়াই  ঘৰতেই থকা বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ জৰিয়তে ক'ভিড-১৯ৰ সজাগতামুলক কেতবোৰ পোষ্টাৰ তৈয়াৰ কৰি গাঁৱে গাঁৱে জনসমাগম ঘটা এলেকাত পোষ্টাৰ আঁৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে।

টীয়কৰ বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ বিষয় শিক্ষক পৰাগ শইকীয়াই  ঘৰতেই থকা বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ জৰিয়তে ক'ভিড-১৯ৰ সজাগতামুলক কেতবোৰ পোষ্টাৰ তৈয়াৰ কৰি গাঁৱে গাঁৱে জনসমাগম ঘটা এলেকাত পোষ্টাৰ আঁৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে।

  • Share this:
দেশত ক'ভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে শেহতীয়াকৈ ৰাজ্যতো সংহাৰী ৰূপ ধাৰণ কৰিছে ক'ভিড -১৯ সংক্ৰমণে।এনে পৰিবেশ আৰু পৰিস্থিতিত  ৰাজ্যৰ জনতা কুশলে থাকিবলৈ  চৰকাৰৰ লগতে স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা অৱলম্বন কৰিছে।লগতে ৰাইজক চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰট'কল মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে।এনে জটিল ক্ষণত গ্ৰাম্যাঞ্চলৰ জনতাক সজাগ কৰিবলৈ একক পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ লগতে স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে যোৰহাটৰ টীয়কৰ এগৰাকী যুৱ শিক্ষক।
শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সকলো স্কুল-কলেজ বন্ধ কৰি দিয়াৰ নিৰ্দেশ জাৰি কৰাৰ সময়তে টীয়কৰ বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ বিষয় শিক্ষক পৰাগ শইকীয়াই  ঘৰতেই থকা বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ জড়িয়তে ক'ভিড-১৯ৰ সজাগতামুলক কেতবোৰ পোষ্টাৰ তৈয়াৰ কৰি গাঁৱে গাঁৱে জনসমাগম ঘটা এলেকাত সেইসমুহ পোষ্টাৰ আঁৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। গ্ৰাম্যাঞ্চলৰ বজাৰ, তিনিআলি-চাৰিআলি আদি স্থানত মাক্স পৰিধান, সামাজিক দূৰত্ব, সঘনাই হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ আদিৰ চিত্ৰ অংকন তথা প্লেকাৰ্ড তৈয়াৰ আদিৰ জড়িয়তে ৰাইজক বুজোৱাৰ চেষ্টা কৰিছে।
এই সন্দৰ্ভত যুৱ শিক্ষক পৰাগ শইকীয়াই অৱগত কৰা অনুসৰি - সম্প্ৰতি ক'ভিডৰ কবলৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ বৰ্তমানৰ চৰকাৰে বহু ব্যৱস্থা হাতত লৈছে।কিন্তু সেয়া তেতিয়াহে সম্ভৱ হব, যেতিয়া ৰাইজে চৰকাৰৰ পদক্ষেপ সমুহৰ প্ৰতি সহযোগিতা আগবঢ়াব। জটিল ক্ষণত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ নিজেই সজাগ হ'ব লাগিব।ইপিনে গাঁও এলেকাৰ এগৰাকী শিক্ষক হিচাপে সমাজৰ কাৰণে থকা দায়িত্বৰ প্ৰতি সহাৰি জনাই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে।  শিক্ষকগৰাকীৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে আদৰণি জনোৱাৰ লগতে এনে পদক্ষেপে সম্ভাব্য সংকটৰ পৰা ৰক্ষা কৰিব বুলিও বহুজনে মতপোষণ কৰিছে।
Published by: Kokil Sarma
First published: April 28, 2021, 7:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি