মুখ্যপৃষ্ঠা »খবৰ »Corona »Covid 19 Assam: বাগান বাগানে কোৰোণাৰ আতংক। চৰকাৰী কৰ্মচাৰীৰ দৰেই বাগিচাতো ২ বজাত কাম বন্ধ কৰাৰ দাবী শ্ৰমিকৰ।

Covid 19 Assam: বাগান বাগানে কোৰোণাৰ আতংক। চৰকাৰী কৰ্মচাৰীৰ দৰেই বাগিচাতো ২ বজাত কাম বন্ধ কৰাৰ দাবী শ্ৰমিকৰ।

চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্মত নিয়োজিত হৈ আছে।

চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্মত নিয়োজিত হৈ আছে।

চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্মত নিয়োজিত হৈ আছে।

  • Share this:
কোভিড-১৯ ক লৈ অধিক শংকিত হৈ পৰিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল। শেহতীয়াকৈ ৰাজ্যৰ  বিভিন্ন প্ৰান্তত ক্ষীপ্ৰ গতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্য চৰকাৰে এই ভয়ানক ব্যাধি ৰুধিবৰ বাবে এক প্ৰকাৰ মিনি লকডাউন ঘোষণা কৰাৰ লগতে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে। কিন্তু এই ৰোগে সম্প্ৰতি কেৱল নগৰ বা চহৰাঞ্চলতেই নহয়, গাঁও- চাহ বাগিচা এলেকাতো ৰাইজক উদ্বিগ্ন কৰি তুলিছে। ইতিমধ্যে উজনিৰ বহু চাহ বাগিচাত বহু লোক আক্ৰান্ত হৈছে কোভিড -১৯ত।

ৰাজ্য চৰকাৰে কোৰোণাৰ সৈতে যুঁজিবলৈ বিয়লি দুই বজাৰ লগে লগেই সকলো স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্য বন্ধৰ নিৰ্দেশনা দিছে। কিন্তু এই নিৰ্দেশনা প্ৰযোজ্য হোৱা নাই চাহ বাগিচাসমূহত। চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্মত নিয়োজিত হৈ আছে।

চাহ বাগিচাৰ জনবসতি যথেষ্ঠ ঘন হোৱাৰ লগতে বহু শ্ৰমিকে আজিও একেলগে বাগিচাৰ কামত নিয়োজিত হৈ থাকিব লগা হৈছে। ইপিনে বাগিচাৰ চিকিৎসালয় সমুহত নাই পৰ্যাপ্ত সা-সুবিধা।

এই সন্দৰ্ভত পুৱ যোৰহাটৰ কেইবাখনো  চাহ বাগিচাৰ শ্ৰমিকে উদ্বিগ্নতা প্ৰকাশ কৰি কেৱল চৰকাৰী কৰ্মচাৰী অথবা ব্যৱসায়ীক প্ৰতিষ্ঠানসমুহেই কিয়, চাহ বাগিচাৰ শ্ৰমিকসকলকো  কোভিড কালত ২ বজালৈহে কামত নিয়োগ কৰাৰ দাবী কৰিছে।

শেহতীয়া বাতৰি