• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • সূৰাৰ বটল লৈ আৰতি ! ইমানেই ফূৰ্তি ! তামিলনাডুৰ এইজন লোকৰ ভিডিঅ’ ভাইৰেল...

সূৰাৰ বটল লৈ আৰতি ! ইমানেই ফূৰ্তি ! তামিলনাডুৰ এইজন লোকৰ ভিডিঅ’ ভাইৰেল...

তামিলনাডুত লকডাউন ২১ জুনলৈ বৃদ্ধি কৰা হৈছে যদিও ২৭ খন জিলাত খুলিবলৈ অনুমতি দিছে সূৰাৰ বিপণী।

তামিলনাডুত লকডাউন ২১ জুনলৈ বৃদ্ধি কৰা হৈছে যদিও ২৭ খন জিলাত খুলিবলৈ অনুমতি দিছে সূৰাৰ বিপণী।

তামিলনাডুত লকডাউন ২১ জুনলৈ বৃদ্ধি কৰা হৈছে যদিও ২৭ খন জিলাত খুলিবলৈ অনুমতি দিছে সূৰাৰ বিপণী।

  • Share this:
লকডাউন শিথিল হোৱাৰ লগে লগেই তামিলনাডুৰ মাডুৰাইত এজন লোকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ৰাজ্যখনত লকডাউন ২১ জুনলৈ বৃদ্ধি কৰা হৈছে যদিও ২৭ খন জিলাত শিথিল কৰা হৈছে লকডাউন। এই ২৭ খন জিলাত খুলিবলৈ অনুমতি দিছে সূৰাৰ বিপণী। সূৰাৰ বিপণী খোলাৰ লগে লগেই সূৰাপায়ীৰ লাইন লাগিল বিপণীলৈ। তাৰ মাজতে এইজন লোকৰ কাণ্ডই আমোদ দিলে সকলোকে।



তামিলনাডুৰ এই লোকজনে সূৰা কিনিবলৈ গৈ প্ৰথমে দোকানখনৰ চিৰিত বন্তি জ্বলায় আৰু তাৰ পাছতহে দুটা সূৰাৰ বটল কিনে। তাৰ পাছতো বটল দুটা চুমা খাই দোকানৰ সন্মুখত থৈ পূজা কৰাৰ দৰে আৰতি কৰিবলৈ ধৰে। এই কাণ্ড আকৌ মোবাইলত ৰেকৰ্ড কৰি আছিল এজন লোকে। তাৰ পাছতে ভাইৰেল হ'ল ভিডিঅ’টো। ছচিয়েল মিডিয়াত বহুতে কৰিলে আমোদজনক মন্তব্য।
Published by:Manjumoni Borah
First published: