সমগ্ৰ দেশত ক’ৰোনা (Covid-19) অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, এই সময়ত লোকসকলক বৰ্তমান ঘৰৰ ভিতৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, আনহাতে বহুলোকে কাম কৰি আছে যাতে আমি বাহিৰলৈ ওলাই যাব নালাগে। এনেকুৱা এটা শাখা হৈছে অনলাইন খাদ্য বিতৰণকাৰীসকলৰ।
লকডাউন (Lockdown)ৰ কাৰণে যেতিয়া বহুতো ৰাজ্যত হোটেল বন্ধ হৈ আছে আৰু কেৱল টেক হোম (Take home)ৰ বিকল্প উপলব্ধ, খাদ্যৰ হোম ডেলিভাৰী (Home delivery of food) বাবে ই একমাত্ৰ বিকল্প হৈ পৰে। কিন্তু, বিপদ এই ডেলিভাৰসকলৰ বাবেও হয়। এই কথা মনত ৰাখি, অনলাইন খাদ্য বিতৰণ প্ৰতিষ্ঠান (Online Food Delivery Firm) চুইগি (Swiggy)য়ে ক’ৰোনাৰ ফলত হোৱা অসুবিধাৰ সময়ত ইয়াৰ কৰ্মচাৰীসকলক (Employees) এক ডাঙৰ সকাহ দিছে। মে’ মাহত চুইগি কৰ্মচাৰীসকলৰ বাবে মাত্ৰ চাৰি দিনৰ কৰ্মসপ্তাহ থাকিব। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা ইমেইল (Email)ত চুইগি এইচ আৰ মুৰব্বী গিৰীশ মেননে (Girish Menon) এই তথ্য প্ৰদান কৰিছিল। "আপুনি সপ্তাহত চাৰিদিন সিদ্ধান্ত লওক যিকেইটা দিনত আপুনি কাম কৰিব বিচাৰে আৰু আৰাম কৰিবলৈ, নিজৰ, আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ যত্ন ল'বলৈ অতিৰিক্ত দিন ব্যৱহাৰ কৰিব বিচাৰে," ইমেইলত কোৱা হৈছে।
জৰুৰীকালীন সমৰ্থন দল তৈয়াৰ কৰিলে
কোম্পানীটোৱে বৰ্তমানৰ সংকটৰ সময়ত কৰ্মচাৰীসকলক সহায় কৰিবলৈ এটা জৰুৰীকালীন সমৰ্থন দলো গঠন কৰিছে। কৰ্মচাৰীসকলৰ বাবে এটা এপ আৰু চাপৰ্ট হেল্পলাইনো মুকলি কৰা হৈছে যি তেওঁলোকক চিকিৎসালয়ৰ বিচনা, আইচিইউ, প্লাজমা, অক্সিজেন চিলিণ্ডাৰ লাভ কৰাত সহায় কৰিব। চুইগিয়ে ক’ৰনা সংক্ৰমিত কৰ্মচাৰীসকলক অনলাইন চিকিৎসকৰ পৰামৰ্শ আৰু চিকিৎসা সহায়ো প্ৰদান কৰি আছে। কৰ্মচাৰীসকলক দৰমহা আগবঢ়োৱা, ছুটি ৰখা আৰু ঋণো দিয়া হৈছে। কোম্পানীটোৱে মে'ৰ বাবে ১ম গ্ৰেডৰ পৰা ৬ লৈ কৰ্মচাৰীসকলক আগতীয়া দৰমহাও দিব।
দুই লাখ ভেকছিনৰ ব্যৱস্থা কৰিলে
চুইগিয়ে তেওঁলোকৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু প্ৰায় দুই লাখ ডেলিভাৰী অংশীদাৰক টিকাকৰণ কৰাৰ ব্যৱস্থা কৰিছে। কোম্পানীটোৱে শেহতীয়াকৈ নতুন পৰ্যায়ৰ পুঁজিত ৮০০ নিযুত ডলাৰ সংগ্ৰহ কৰিছিল। এই পুঁজিৰ বাবে চুইগিৰ মূল্য আছিল ৫ বিলিয়ন ডলাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|