কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৫,৯০০ কোটি টকা সাহায্য আগবঢ়াব গুগলে

News18 Assam | News18-Assam
Updated:March 29, 2020, 1:35 PM IST
কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৫,৯০০ কোটি টকা সাহায্য আগবঢ়াব গুগলে
পিচায়ে নিজৰ ব্লগ পোষ্টত লিখিছে, ‘বিশ্বজুৰি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক গুগল এড ক্ৰেডিটৰূপে ৩৪ কোটি ডলাৰ দিয়া হ’ব।

পিচায়ে নিজৰ ব্লগ পোষ্টত লিখিছে, ‘বিশ্বজুৰি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক গুগল এড ক্ৰেডিটৰূপে ৩৪ কোটি ডলাৰ দিয়া হ’ব।

  • Share this:
কোৰোণা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰিছে বিভীষিকাৰ। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে চৰকাৰৰ লগতে বিভিন্ন দল–সংগঠন, ব্যক্তিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কোৰোণাৰ বিৰুদ্ধে এই যুঁজখনত আগবাঢ়ি যাবলৈ গুগল আৰু তেওঁলোকৰ মূল কোম্পানী এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দ পিচায়ে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়, স্বাস্থ্য সংগঠন, চৰকাৰ আৰু স্বাস্থ্য কৰ্মকৰ্তাসকলক সমৰ্থনৰ বাবে ৮০ কোটি ডলাৰ (প্ৰায় ৫৯০০ কোটি টকা)ৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

সুন্দৰ পিচায়ে টুইট কৰি এই কথা সদৰি কৰিছে। পিচায়ে নিজৰ ব্লগ পোষ্টত লিখিছে, ‘বিশ্বজুৰি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক গুগল এড ক্ৰেডিটৰূপে ৩৪ কোটি ডলাৰ দিয়া হ’ব।


কোৱা হৈছে যে ইয়াৰ নটিফিকেচন তেওঁলোকৰ গুগল এড একাউণ্টত দেখা যাব। ইয়াৰ উপৰি, বিশ্ব স্বাস্থ্য সংস্থা আৰু ১০০তকৈও অধিক চৰকাৰী এজেন্সীক ২৫ কোটি ডলাৰৰ বিজ্ঞাপন সাহায্য দিয়া হ’ব। এনজিঅ’ আৰু বেংকৰ বাবে ২০ কোটি ডলাৰৰ বিনিয়োগ কোষ বনোৱা হ’ব, যিয়ে এনজিঅ’ আৰু বিত্তীয় প্ৰতিষ্ঠানক সহায় কৰিব যাতে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading