বস্ত্ৰনগৰী শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৩প্ৰৱক্তাসহ ৪জন Covid-19ত আক্ৰান্ত।

News18 Assam | News18-Assam
Updated:April 13, 2021, 7:30 PM IST
বস্ত্ৰনগৰী শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৩প্ৰৱক্তাসহ ৪জন Covid-19ত আক্ৰান্ত।
শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৪জনৰ দেহত ক’ভিড চিনাক্ত।

শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৪জনৰ দেহত ক’ভিড চিনাক্ত।

  • Share this:
বিহুৰ প্ৰাকক্ষণত ৰাজ্যত ভয়ংকৰ ৰূপত বিয়পিছে ক'ৰোনা মহামাৰী। ক্ৰমান্বয়ে  বৃদ্ধি পাবলৈ ধৰিছে ক'ৰোনা ৰোগীৰ সংখ্যা। বস্ত্ৰনগৰী শুৱালকুছিতো ক'ৰোনাৰ ধাৰাবাহিক সংক্ৰমণ। শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত এজনৰ পাছত আনজনৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ ৷ মহাবিদ্যালয়খনৰ তিনিগৰাকীকৈ প্ৰবক্তা আৰু এগৰাকী কাৰ্য্যালয় সহায়কৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।

আজি শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ৰ তৰফৰ পৰা চলোৱা ভ্ৰাম্যমান ক’ভিড পৰীক্ষাৰ অভিযানত তিনিজন আৰু কিছু দিন পূৰ্বে এগৰাকী প্ৰবক্তাকে ধৰি এই পৰ্যন্ত মুঠ চাৰিগৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ। বৃহত্তৰ শুৱালকুছি  অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ক’ভিড চিনাক্ত হোৱা প্ৰবক্তা কেইগৰাকী ক্ৰমে দিলীপ শৰ্মা, গোপাল শৰ্মা আৰু ড° নিহাৰ ৰঞ্জন কলিতা। লগতে অৰূপ কুমাৰ শৰ্মা হৈছে কাৰ্য্যালয় সহায়ক । সমাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ লগতে মহাবিদ্যালয় পৰ্য্যায়ৰ বিভিন্ন পৰীক্ষাৰ পূৰ্বে এনেধৰনৰ ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ খবৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজত।
Published by: Kokil Sarma
First published: April 13, 2021, 7:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি