#StayHome:কিদৰে সময় কটাব আপুনি?

News18 Assam | News18-Assam
Updated:March 23, 2020, 6:40 PM IST
#StayHome:কিদৰে সময় কটাব আপুনি?
ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ দেশবাসীক জনাইছে আহ্বান।

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ দেশবাসীক জনাইছে আহ্বান।

  • Share this:
ক’ৰোণা ভাইৰাছে এতিয়া সমগ্ৰ দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰত্যেক দিনাই দেশত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় চৰকাৰে এতিয়া দেশবাসীক সামাজিক দুৰত্ব বজাই ৰাখি ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

ক’ৰোণাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে চৰকাৰে জনোৱা এই আহ্বানক সঁহাৰি জনাইছে দেশবাসীয়ে। বহু চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে ঘৰৰ পৰাই কৰ্মচাৰী সকলক কাম কৰিবলৈ পৰামৰ্শ দিছে। আনকি বহু ক্ষেত্ৰত এতিয়া এই ব্যৱস্থা কাৰ্যকৰীও হৈছে।

কিন্তু ঘৰত থকাৰ অৱস্থাত কিদৰে নিজক ব্যস্ত কৰি ৰাখিব পাৰিব আপুনি?


  • বহুতে কোৱাৰ দৰে ঘৰৰ কিছুমান ব্যক্তিগত কাম এই কেইদিনতে আগবঢ়াব পাৰিব।

  • ঘৰৰ পৰিয়ালক সময় দিয়াৰ লগতে সম্পূৰ্ণ ৰূপে নিজক সময় দি স্বাস্থ্যৰ যতন ল’ব পাৰিব।

  • গীত শুনি, ছবি চাইয়ো সময় পাৰ কৰিব পৰিব।


  • ঘৰত থাকিয়েই নিজৰ কিছু সৃজনীশীল প্ৰতিভা বিকাশ কৰিব পাৰিব।

  • সন্তানক সময় দিয়াৰ লগতে, যতন ল’ব পাৰিব।

  • সামাজিক দুৰত্ব বৰ্তাই ৰাখি কিছু বিশ্ৰামৰ বাবে সময় লাভ কৰিব।

  • মানসিক সুস্থিৰতাৰ বাবে যোগ, প্ৰাণায়ম, আসন আদি কৰিবলৈ সময় পাব।


সকলোৱে এতিয়া ঘৰত থাকি, সামাজিক দুৰত্ব বজাই ৰাখি ক’ৰোণা ভাইৰাছ প্ৰতিহত কৰো আহক!
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading