লকডাউন অমান্য কৰিলে চৰকাৰে ল’ব উচিত ব্যৱস্থা, হ’ব পাৰে ৬ মাহ জে’ল

News18 Assam | News18-Assam
Updated:March 23, 2020, 4:38 PM IST
লকডাউন অমান্য কৰিলে চৰকাৰে ল’ব উচিত ব্যৱস্থা, হ’ব পাৰে ৬ মাহ জে’ল
লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ উপলব্ধ থাকিব। কিন্তু লকডাউন পালন নকৰাসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ উপলব্ধ থাকিব। কিন্তু লকডাউন পালন নকৰাসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এতিয়ালৈ ৪২৮জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। এনে অৱস্থাত দেশৰ ৮০খন জিলাত লকডাউন ঘোষণা কৰা হৈছে। দেওবাৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা জনতা কাৰফিউৰ সময়তো বহু লোকে ইয়াক অমান্য কৰি ঘৰৰ বাহিৰলৈ ওলাই আহিছিল। ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক লকডাউন কৰাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু অমান্য কৰাসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

চৰকাৰৰ মতে, লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ উপলব্ধ থাকিব। কিন্তু লকডাউন পালন নকৰাসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ বাবে ৬ মাহ পৰ্যন্ত জে’লো হ’ব পাৰে। লগতো ১০০০ টকাৰ জৰিমনাও ভৰিব পাৰে লকডাউন ভংগ কৰা লোকে।
Published by: Sanjay Kumar Das
First published: March 23, 2020, 4:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading