• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • “ৰাজ্যসমূহে নিয়ন্ত্ৰণত ৰাখিব লাগিব মেডিকেল অক্সিজেনৰ চাহিদা” ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলৰ মন্তব্যক লৈ কংগ্ৰেছ নেতাৰ সমালোচনা

“ৰাজ্যসমূহে নিয়ন্ত্ৰণত ৰাখিব লাগিব মেডিকেল অক্সিজেনৰ চাহিদা” ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলৰ মন্তব্যক লৈ কংগ্ৰেছ নেতাৰ সমালোচনা

কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰ চলাই থকাৰ মাজতে কিছু অংশত অক্সিজেনৰ অভাৱৰ বাতৰি পোহৰলৈ অহাৰ পাছতে এই বিবৃতি প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰ চলাই থকাৰ মাজতে কিছু অংশত অক্সিজেনৰ অভাৱৰ বাতৰি পোহৰলৈ অহাৰ পাছতে এই বিবৃতি প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰ চলাই থকাৰ মাজতে কিছু অংশত অক্সিজেনৰ অভাৱৰ বাতৰি পোহৰলৈ অহাৰ পাছতে এই বিবৃতি প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

  • Share this:
কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰ চলাই থকাৰ মাজতে দেশৰ কিছু অংশত দেখা দিয়া অক্সিজেনৰ অভাৱৰ বাতৰি পোহৰলৈ অহাৰ পাছতে দেওবাৰে ৰাজ্য চৰকাৰসমূহক মেডিকেল অক্সিজেনৰ চাহিদা নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৷

গোৱেলে কয়, “ৰাজ্য চৰকাৰে মেডিকেল অক্সিজেনৰ চাহিদা নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে । চাহিদাৰ ব্যৱস্থাপনাৰ দিশটো, যোগানৰ ব্যৱস্থাপনাৰ দিশটোৰ দৰেই গুৰুত্বপূৰ্ণ। কোভিদ সংক্ৰমণৰ দিশটো যিহেতু ৰাজ্য চৰকাৰৰ দায়িত্ব আছে আৰু তেওঁলোকে এই দায়িত্ব পালন কৰা উচিত।”

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, “যদি ঘটনাবোৰ সীমাহীনভাৱে বৃদ্ধি হৈ থাকে, তেন্তে ইয়ে দেশৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব । আমি ৰাজ্য চৰকাৰৰ সৈতে আছো কিন্তু তেওঁলোকে এই চাহিদাৰ ব্যৱস্থা নিজেই কৰিব লাগিব আৰু কোভিদ ১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ দৃঢ় পদক্ষেপ হাতত ল'ব লাগিব ৷ অক্সিজেনৰ অপচয় পৰিহাৰ কৰিব লাগিব।”

ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা শ্ৰীবৎসাই টুইটযোগে গোৱেলক সমালোচনা কৰি কয় এনেদৰে, “আইনষ্টাইন গোৱেল,প্ৰথমে আপোনাৰ অক্সিজেন সীমিত কৰিব লাগিব ৷ তেতিয়াহে আমি জানিব পাৰিম আপুনি কেনেদৰেহ চাহিদাৰ ব্যৱস্থাপনাৰ দিশটোৰ সিদ্ধান্ত লয় ৷ ”

লক্ষ্যণীয়ভাৱে মহাৰাষ্ট্ৰ আৰু দিল্লীত দেখা দিয়া কোভিদ ভয়াৱহতাৰ পাছতে শেহতীয়া সপ্তাহবোৰত অক্সিজেনৰ যোগান এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছিল ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰক চাহিদা-যোগানৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ অনুৰোধ জনাইছিল ।

প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰা এক পত্ৰত ঠাকৰেয়ে কৈছিল যে ৰাজ্যখনত মেডিকেল অক্সিজেনৰ প্ৰয়োজনীয়তা প্ৰতিদিনে ১,২০০ মেট্ৰিক টন আৰু এপ্ৰিলৰ শেষলৈ প্ৰতিদিনে ২,০০০ মেট্ৰিক টন হোৱাৰ অনুমান কৰা হৈছে।

ইয়াৰ প্ৰত্যুত্তৰত গোৱেলে ঠাকৰেক তীব্ৰ সমালোচনা কৰি কয় যে মহাৰাষ্ট্ৰই এতিয়ালৈকে ভাৰতত সৰ্বাধিক পৰিমাণৰ অক্সিজেন লাভ কৰিছে আৰু কেন্দ্ৰই তেওঁলোকৰ প্ৰয়োজনীয়তা মূল্যায়ন কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে নিয়মীয়া যোগাযোগ কৰি আছে।
Published by:Kokil Sarma
First published: