মুখ্যপৃষ্ঠা » খবৰ

» Corona

»ক'ভিড কালৰ মাজতে এখন গাঁৱত ৩খনকৈ বিয়া, দুদিনত Coronaত আক্ৰান্ত হ'ল ৮০ জন লোক।

ক'ভিড কালৰ মাজতে এখন গাঁৱত ৩খনকৈ বিয়া, দুদিনত Coronaত আক্ৰান্ত হ'ল ৮০ জন লোক।

News18 Assam | News18-Assam
Updated:May 31, 2021, 3:29 PM IST
ক'ভিড কালৰ মাজতে এখন গাঁৱত ৩খনকৈ বিয়া, দুদিনত Coronaত আক্ৰান্ত হ'ল ৮০ জন লোক।
এজন যুৱকৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল যোৱা ২৪ মে' তাৰিখেই ৷ কিন্তু তাৰ পিছটো গাঁওখনত অনুষ্ঠিত হ’ল বিয়া ৩খন ৷ যাৰ ফলত এজনৰ পিছত এজনকৈ আজি দুপৰীয়া পৰ্যন্ত গাঁওখনত আক্ৰান্ত সংখ্যা হ’ল ৮০ জন ৷

এজন যুৱকৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল যোৱা ২৪ মে' তাৰিখেই ৷ কিন্তু তাৰ পিছটো গাঁওখনত অনুষ্ঠিত হ’ল বিয়া ৩খন ৷ যাৰ ফলত এজনৰ পিছত এজনকৈ আজি দুপৰীয়া পৰ্যন্ত গাঁওখনত আক্ৰান্ত সংখ্যা হ’ল ৮০ জন ৷

  • Share this:
ৰাজ্যত ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে একাংশ যেন এতিয়াও সজাগ হ’বলৈ শিকা নাই ৷ যাৰ ফলত গণ সংক্ৰমনৰ দিশে আগবাঢ়িছে চতিয়াৰ এখন গাঁও ৷ গাঁওখনত যোৱা দুদিনৰ ভিতৰত ক’ৰোনাত আক্ৰান্ত হৈছে ৮০ জনকৈ লোক ৷

চতিয়াৰ গোসাইচাপৰিৰ এই গণ সংক্ৰমনৰ প্ৰধান কাৰণ হ’ল গাঁওখনত অনুষ্ঠিত হোৱা তিনিখনকৈ বিয়া ৷ এজন যুৱকৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল যোৱা ২৪ মে' তাৰিখেই ৷ কিন্তু তাৰ পিছটো গাঁওখনত অনুষ্ঠিত হ’ল বিয়াকেইখন ৷ যাৰ ফলত এজনৰ পিছত এজনকৈ আজি দুপৰীয়া পৰ্যন্ত গাঁওখনত আক্ৰান্ত সংখ্যা হ’ল ৮০ জন ৷ প্ৰশাসনে গাঁওখনক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে যদিও কিন্তু এতিয়াও সজাগ নহয় গাঁওখনৰ একাংশ লোক ৷ কাৰণ স্বাস্থ্য বিভাগৰ লোকৰ ভাষ্যমতে এতিয়াও ক’ভিড  পৰীক্ষাৰ বাবে আগ্ৰহী নহয় একাংশ লোক ৷ কন্টেইনমেন্ট জ'ন হিচাপে আহ যাহ বন্ধ কৰা গাঁওখনৰ প্ৰৱেশ পথত আৰক্ষীয়ে পহৰা দি থকাৰ সময়েই একাংশই আকৌ উপ পথ ব্যৱহাৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে ৷  ইপিনে চতিয়াৰ চৰাইজনীয়া নামৰ গাঁওখনতো এদিনৰ ভিতৰত আজি আক্ৰান্ত হয় ৬জনকৈ লোক ৷
Published by: Kokil Sarma
First published: May 31, 2021, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি