কথা দি কথা ৰাখিলে চনু সুদে। অক্সিজেন প্ৰকল্প এটা স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল অভিনেতাগৰাকীয়ে। সেই মতে অন্ধ্ৰ প্ৰদেশত অক্সিজেন প্লাণ্ট স্থাপন কৰা হ'ব এতিয়া। অভিনেতাজনে পূৰ্বে কৈছিল যে তেওঁ আৰু তেওঁৰ দলটোৱে ভাৰতৰ ৰাজ্যসমূহত অক্সিজেন প্ৰকল্প স্থাপনৰ ওপৰত জোৰ দিছে, য'ত অক্সিজেনৰ আটাইতকৈ বেছি প্ৰয়োজন। গতিকে তেওঁলোকে প্ৰথমে অন্ধ্ৰ প্ৰদেশত এটা অক্সিজেন প্লাণ্ট স্থাপনৰ পৰিকল্পনাৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে।
চনু সুদ আৰু তেওঁৰ দলে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল চৰকাৰী চিকিৎসালয়ত প্ৰথমতে অক্সিজেন প্লাণ্ট স্থাপনৰ উদ্যোগ লৈছে। তাৰ পিছত তেওঁ জুন মাহত অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলা চিকিৎসালয়ত আন এটা অক্সিজেন প্লাণ্ট স্থাপন কৰিব। কালি অভিনেতাগৰাকীয়ে টুইট কৰি এই বিষয়ে অৱগত কৰে। চনু সুদৰ মতে মুখ্যতঃ ভাৰতৰ গ্ৰাম্য ৰাজ্যসমূহৰ হাস্পতালত অক্সিজেনৰ অভাৱ বহুত বেছি। গতিকে চনুৰ পদক্ষেপ হৈছে সেই ৰাজ্যবোৰত অক্সিজেনৰ অভাৱ হ্ৰাস কৰা।
উল্লেখ্য, কোৰোণা কালত ব্যক্তিগতভাৱে বহুখিনি উদ্যোগ লোৱা দেখা গৈছে চনু সুদক। তেওঁৰ দলে শেহতীয়াকৈ বাংগালুৰুৰ এখন চিকিৎসালয়লৈ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰি ২২জন কোৰোণা ৰোগীৰ জীৱন ৰক্ষা কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|