ক'ভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু চিকিৎসক, ক'ভিড ৰোগীৰ বাবে মুকলি শিঙিমাৰী দদৰা মডেল হাস্পতাল

News18 Assam | News18-Assam
Updated:April 19, 2021, 7:44 AM IST
ক'ভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু চিকিৎসক, ক'ভিড ৰোগীৰ বাবে মুকলি শিঙিমাৰী দদৰা মডেল হাস্পতাল
কামৰূপ জিলাৰ শিঙিমাৰী দদৰা মডেল হাস্পতালত ক'ভিড ৰোগীৰ বাবে সাজু হৈছে ১৪ খন ICU বিচনাসহ মুঠ ৫০ খনকৈ বিচনা।

কামৰূপ জিলাৰ শিঙিমাৰী দদৰা মডেল হাস্পতালত ক'ভিড ৰোগীৰ বাবে সাজু হৈছে ১৪ খন ICU বিচনাসহ মুঠ ৫০ খনকৈ বিচনা।

  • Share this:
ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ লৈছে ক'ৰোণা মহামাৰীয়ে। ক্ৰমান্বয়ে আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুত গতিত। কামৰূপ জিলাতো ভয়ংকৰ সংক্ৰমণ ক'ভিড 19 ৰ।প্ৰতিদিনেই ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ শিঙিমাৰী দদৰা মডেল হাস্পতালখন মুকলি কৰি দিয়া হৈছে ক'ভিড ৰোগীৰ বাবে। ১৪ খন ICU বেড সহ মুঠ ৫০ জন ৰোগী থাকিব পৰাকৈ সাজু কৰা হৈছে শিঙিমাৰী মডেল হস্পিতালখন। দেওবাৰে এই হাস্পতালখন পৰিদৰ্শন কৰে কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুণীন্দ্ৰ দেৱ শৰ্মাৰ লগত এটা চিকিৎসকৰ দলে। ক'ভিডৰ বিৰুদ্ধে পুনৰ যুদ্ধ কৰিবলৈ এতিয়া সাজু চিকিৎসকসকল।
Published by: Kokil Sarma
First published: April 19, 2021, 7:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি