ছচিয়েল মিডিয়াত আকৌ এবাৰ চৰ্চা লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে
ছচিয়েল মিডিয়াত আকৌ এবাৰ চৰ্চা লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে
সমগ্ৰ দেশতে এতিয়া ল’ক ডাউন। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে ঘোষণা কৰা হৈছে ল’ক ডাউন। এতিয়া ঘৰতেই সময় পাৰ কৰিছে বলীউডৰ তাৰকা সকলেও। কোনোৱে যদি ঘৰতে নৃত্য কৰি সময় পাৰ কৰিছে, কোনোৱে আকৌ ঘৰুৱা কাম বনতে ব্যস্ত হৈ পৰিছে।
অক্ষয় কুমাৰ, দীপিকা পাডুকণ, প্ৰিয়ংকা চোপ্ৰাই এতিমধ্যে ল’ক ডাউনৰ সময়ত ঘৰত কিদৰে কটাইছে, সেই ভিডিঅ’ আপলোড কৰিছে ছচিয়েল মিডিয়াত। তাৰ মাজতে এতিয়া চৰ্চালৈ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ।
ঘৰতে এতিয়া নেহা কক্কৰে দেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ৰচিছে কবিতা। আনকি নিজে আবৃত্তি কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰো কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।
চাওক ভিডিঅ’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|