Facebookত অৰিজিত সিঙৰ লাইভ কনছাৰ্ট, আজি দুপৰীয়ালৈ সংগ্ৰহ ৭৭.৬৮ লাখ টকা, খৰচ কৰিব এই কামত

News18 Assam | News18-Assam
Updated:June 7, 2021, 11:25 PM IST
Facebookত অৰিজিত সিঙৰ লাইভ কনছাৰ্ট, আজি দুপৰীয়ালৈ সংগ্ৰহ  ৭৭.৬৮ লাখ টকা,  খৰচ কৰিব এই কামত
অৰিজিতে ৬ জুন, দেওবাৰে সন্ধিয়া ৮ বজাত এই অনলাইন কনচাৰ্ট অনুষ্ঠিত কৰে।

অৰিজিতে ৬ জুন, দেওবাৰে সন্ধিয়া ৮ বজাত এই অনলাইন কনচাৰ্ট অনুষ্ঠিত কৰে।

  • Share this:

কোৰোণা মহামাৰীয়ে কৰাল গ্ৰাসৰ মাজত ৰাখিছে ভাৰতবৰ্ষক। দেশৰ স্বাস্থ্যখণ্ডও সন্মুখীন হৈছে বিৰাট প্ৰত্যাহ্বানৰ। এইক্ষেত্ৰত গাঁৱৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি সম্পৰ্কে বিভিন্ন অভিযোগ আছে। এনে পৰিপ্ৰেক্ষিতত গায়ক অৰিজিত সিঙে ডাঙৰ–দীঘল হোৱা সৰু চহৰ পশ্চিম বংগৰ মুৰ্চিদাবাদৰ পৰা কৰিছে এক বিশেষ অনুষ্ঠান। ফেচবুক আৰু গিভ ইণ্ডিয়া ফাউণ্ডেচনৰ সহযোগত গায়ক সিঙে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে ফেচবুকযোগে ডিজিটেল লাইভ কনচাৰ্ট।


‘Helping Rural India Breathe And Stay Safe’ বাণী সাৰোগত কৰি অনুষ্ঠিত কৰা গানৰ লাইভ অনুষ্ঠাটোত অৰ্জন কৰা সমষ্ট ধন বিনিয়োগ কৰা হ'ব গাঁওসমূহৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ নামত। অৰিজিতে ৬ জুন, দেওবাৰে সন্ধিয়া ৮ বজাত এই অনলাইন কনচাৰ্ট অনুষ্ঠিত কৰে। অনুষ্ঠানৰ পৰা সংগ্ৰহ কৰা ধনৰ সহায়ত গাঁৱৰ চিকিৎসালয়ৰ বাবে এম আৰ আই, চিটি স্কেনৰ দৰে বিভিন্ন পৰীক্ষাসঁজুলি ক্ৰয় কৰা হ'ব। গায়কজনে অনুৰাগীসকলক যিমান সম্ভৱ সিমান টকা দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছিল।


গিভ ইণ্ডিয়াৰ তথ্য মতে, আজি দুপৰীয়া ১২ বজালৈ অনলাইন কনচাৰ্টৰ পৰা ৭৭.৬৮ লাখ ৪১ টকা লাভ কৰিছে। ১.৪ নিযুত লোকে ফেচবুকত অৰিজিতৰ সংগীতানুষ্ঠান পোনপটীয়াকৈ চাইছিল আৰু তেওঁলোকৰ বেছিভাগে সহায়ৰ হাত আগবঢ়াইছিল। উল্লেখ্য, কোভিড কালীন অৱস্থাত মুৰ্চিদাবাদ মেডিকেল হাস্পতাললৈ গায়কগৰাকীয়ে ইতিমধ্যে ৫টা nasal oxygen therapy মেচিন আগবঢ়াইছে। বিশিষ্ট গায়কগৰাকীৰ মাতৃ অদিতি সিঙৰ কোৰোণাৰ পৰা মুক্ত হোৱাৰ পিছত এসপ্তাহ আগতে মৃত্যু হৈছিল।

Published by: Gautam Barman
First published: June 7, 2021, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি