হঠাৎ বিশ্বজুৰি চৰ্চা চলিছে এখন পুৰণি চিনেমাৰ : চিনেমাখনৰ কাহিনীয়ে যেন প্ৰাণ পাই উঠিছে বৰ্তমান

News18 Assam | News18-Assam
Updated:March 16, 2020, 8:49 AM IST
হঠাৎ বিশ্বজুৰি চৰ্চা চলিছে এখন পুৰণি চিনেমাৰ : চিনেমাখনৰ কাহিনীয়ে যেন প্ৰাণ পাই উঠিছে বৰ্তমান
বৰ্তমান বহুতৰ মাজত সৰৱ চৰ্চা চলিছে যে চিনেমাখনে কোৰোণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ উৎসাহ যোগাব।

বৰ্তমান বহুতৰ মাজত সৰৱ চৰ্চা চলিছে যে চিনেমাখনে কোৰোণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ উৎসাহ যোগাব।

  • Share this:
আজি সমগ্ৰ পৃথিৱীত কোৰোণা ভাইৰাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া ৯ বছৰ পূৰ্বেই উপস্থাপন কৰা হৈছিল হলীউদৰ এখন চিনেমাত। ২০১১ চনত মুক্তি পোৱা Steven Soderbergh পৰিচালিত চাইফিক চিনেমা CONTAGION–এ শেহতীয়াকৈ সমগ্র বিশ্বজুৰি চৰ্চা লাভ কৰিছে। ৱাৰ্নাৰ ব্ৰাডাৰ্ছৰ চিনেমাসমূহৰ তালিকাত ২০২০ চনৰ দ্বিতীয় সৰ্বাধিক দৰ্শকে উপভোগ কৰা চিনেমা ৰূপে পৰিগনিত হৈছে CONTAGION। আই টিউনৰ ৰেন্টেড মুভিৰ তালিকাত চতুৰ্থ স্থানত আছে এই চিনেমাখন।

সমগ্ৰ বিশ্বজুৰি অনলাইনত চিনেমাখন চাবলৈ হেতাওপৰা লগা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে এই চিনেমাখনে। কিন্তু কি আছে এই চিনেমাখনত? ৯ বছৰৰ পিছত হঠাৎ এই সময়ত চিনেমাখন জনপ্ৰিয় হৈ পৰাৰ কাৰণ কি! কাৰণ শুনিলে আপুনি আচৰিত নহৈ নোৱাৰে। কাৰণ চিনেমাখনৰ কাহিনীৰ দৰেই বৰ্তমান আগবাঢ়িছে কোৰণা ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা পৰিস্থিতিসমূহ।

মাকাউত এখন হোটেলত সংক্ৰমিত গাহৰি আৰু বাদুলী মাংসৰ পৰা এজন ৰান্ধনীৰ সংস্পৰ্শলৈ আহে MEV-1  নামৰ নতুন ভাইৰাছবিধ। ৰান্ধনীজনৰ হাতৰ পৰা এগৰাকী মহিলাৰ শৰীৰলৈ বিয়পে এই ভাইৰাছবিধ। মহিলাগৰাকী ( গিনিথ পেলট্ৰ') আমেৰিকালৈ উভতি যোৱাৰ পিছতে এই নতুন ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত হোৱা অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। এয়াই আৰম্ভণি চিনেমাখনৰ।

চীনৰ উহানৰ জীৱ-জন্তৰ মাংসৰ বজাৰৰ পৰা আৰম্ভ হোৱা বুলি ধাৰণা কৰা নভেল কোৰোণা ভাইৰাছ আৰু চিনেমাখনৰ কাহিনীৰ মাজত এনেদৰেই আছে আৰু বহু মিল। চিনেমাখনত এই ভাইৰাছবিধে বিশ্বজুৰি সৃষ্টি কৰা মহামাৰীৰ পৰিৱেশেই যেন বৰ্তমান বাস্তৱত ৰূপ পাইছে কোৰোণা ভাইৰাছৰ জৰিয়তে। বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ নগৰসমূহ, চিনেমাহল, বিমানবন্দৰ, বজাৰ আদিবোৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ দৰে অনুৰূপ দৃশ্যই দেখা যায় এই চিনেমাখনত।

কোনো লোক এই সংক্ৰমণৰ বলি হ’লে তেওঁক চিকিৎসালয়ৰ আচুতীয় ৱাৰ্ড বা ঘৰৰ ভিতৰত আবদ্ধ কৰি থোৱাৰ বৰ্তমানৰ দৃশ্যসমূহ ৯ বছৰ পূৰ্বেই সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছিল চিনেমাখনত। এটা বেমাৰে বিশ্বজুৰি মহামাৰীৰ ৰূপ ল’লে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেইসমূহ দৃশ্যই দেখিবলৈ পোৱা যায় এই চিনেমাখনত।

মুঠৰ ওপৰত বৰ্তমান কোৰণা ভাইৰাছক লৈ বিশ্ব জুৰি সৃষ্টি হোৱা পৰিস্থিতিসমূহে ২০১১ চনতে প্ৰাণ পাই উঠিছিল CONTAGION নামৰ এই চিনেমাখনত। চিনেমাখনে মুক্তিৰ পিছতে ১৩ কোটি ৬০ লাখ ইউ এছ ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান বহুতৰ মাজত সৰৱ চৰ্চা চলিছে যে চিনেমাখনে কোৰোণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ উৎসাহ যোগাব। চিনেমাখনৰ কাহিনী আছিল স্কট জেদ বাৰ্ণছৰ, যাৰ কাহিনী বৰ্তমান এক কাকতলীয়া সংযোগৰূপে পৰিগণিত হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি