• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid Free Village : ক'ভিডে স্পৰ্শ কৰিব নোৱৰা অসমৰ এখন গাঁও, ক'ভিডৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ পৰা নাই ছিকদামাখাত।

Covid Free Village : ক'ভিডে স্পৰ্শ কৰিব নোৱৰা অসমৰ এখন গাঁও, ক'ভিডৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ পৰা নাই ছিকদামাখাত।

যি সময়ত স্বাস্থ্য বিভাগে বহু বিজ্ঞাপন দিয়ো চহৰ-মহানগৰত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হৈছে সেই সময়ত ছিকদামাখাৰ ৰাইজে দেখুৱাইছে প্ৰাকৃতিক ভাৱে ক'ভিডক পৰাভূত কৰাৰ আদৰ্শ।

  • Share this:
অসমৰ এখন গাঁও। নাম ছিকদামাখা (Shikdamakha)। পশ্চিম কাৰ্বি আংলং জিলাৰ তিৱা জনবসতিপ্ৰধান এই গাঁওখনত প্ৰভাৱ পৰা নাই ক'ভিদৰ দ্বিতীয় ঢৌৰ। ১৯৫৩চনতে স্থাপন হোৱা এই গাঁওখনে ২০০৩বৰ্ষৰ ২ফেব্ৰুৱাৰীত উদযাপন কৰিছিল সোণালী বৰ্ষ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু গাঁওখনৰ ৰাইজৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবেই বৰ্তমানলৈকে ক'ভিড অতিমাৰীয়ে স্পৰ্শ কৰিব পৰা নাই গাঁওখনৰ ৰাইজক।

স্বাস্থ্যবিভাগৰ তৰফৰ পৰা গাঁওখনত বহুবাৰ সমূহীয়া ক'ভিড টেষ্ট কৰা হৈছে যদিও এজনো লোকৰ দেহত ধৰা পৰা নাই ক'ভিডৰ সংক্ৰমণ। তথাপি কিন্তু গাঁওখনৰ ৰাইজে সম্পূৰ্ণৰূপে মানি চলিছে সকলো ক'ভিড বিধি। আধুনিকতাৰ ধামখুমীয়াৰ পৰা অথবা চহৰাঞ্চলৰ পৰা বহু নিলগত অৱস্থান কৰা চিকদামখো গাঁৱৰ ৰাইজে বৰ্তমান সমগ্ৰ অসমৰ লোকক দেখুৱাইছে ক'ভিদক পৰাজিত কৰাৰ কৌশল।

প্ৰতিবছৰেই গাঁওখনৰ ৰাইজে সমূহীয়া বৃক্ষৰোপণেৰে পাৰিপাৰ্শ্বিক দিশটোতো বহুদূৰ আগুৱাই গৈছে। সেয়ে গাঁওখনত বাসকৰা লোকসকলে লাভ কৰিছে বিশুদ্ধ অক্সিজেন। যি সময়ত স্বাস্থ্য বিভাগে বহু বিজ্ঞাপন দিয়ো চহৰ-মহানগৰত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হৈছে সেই সময়ত ছিকদামাখাৰ ৰাইজে দেখুৱাইছে প্ৰাকৃতিক ভাৱে ক'ভিডক পৰাভূত কৰাৰ আদৰ্শ।
Published by:Manjumoni Borah
First published: