অসমত বিগত ১০ দিনত ৩০০তকৈ অধিক ক'ৰোনা আক্ৰান্ত জিলাত বন্ধ হ'ব সকলো শিক্ষানুষ্ঠান! লগতে বন্ধ হৈ পৰিব হোষ্টেল আৰু কোচিং ইনষ্টিটিউট।
এক নিৰ্দেশনাযোগে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই জনায় যে শেহতীয়া ১০ দিনত ৩০০তকৈ অধিক লোক আক্ৰান্ত হ'লে সেই জিলাখনৰ সকলো শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ হৈ পৰিব। অৱশ্যে এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব।