সৰু সৰু কিন্তু ইতিবাচক কাম কিছুমানেই আমাৰ বাবে এতিয়া আশা আৰু জীয়াই থকাৰ শক্তি যেন হৈ পৰিছে। কোৰোণাৰ আতংক আৰু দুঃশ্চিন্তাৰ মাজত ক'ৰবাৰ পৰা উফৰি আহে দেখাত সাধাৰণ কিন্তু এই সময়ত অতি জৰুৰী একো একোটা মহৎ প্ৰচেষ্টাৰ খবৰ।
ৰঙিয়াত শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাই ৰাইজৰ মাজত মাস্ক বিতৰণ কৰি তেনে এক নিদৰ্শনেই ডাঙি ধৰিছে ।
কোৰোণা ভাইৰাছৰ দ্বিতীয়টো জোৱাৰে আতংকৰ সৃষ্টি কৰিছে। মাস্ক পৰিধান কৰাটো আজিৰ তাৰিখত হৈছে প্ৰতিজন লোকৰ বাবেই নিতান্তই বাধ্যতামূলক। কিন্তু তাৰ পিছতো মাস্ক পৰিধান নকৰে বহু লোকে। তেনে সময়তে সাধাৰণ ৰাইজৰ মাজত ৰঙিয়াত সজাগতা সৃষ্টিৰ লগতে মাস্ক বিতৰণ কৰিলে শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাই । লগতে পথচাৰী আৰু যাত্ৰীসকলক হাত ছেনিটাইজ কৰাৰ বাবে ছেনিটাইজাৰ যোগান ধৰে ।
ৰঙিয়াৰ হাইৱে চ'কত মাস্ক বিতৰণ কৰি শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাৰ সদস্যসকলে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে । শতাধিক লোকৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিনামূলীয়াকৈ বিতৰণ কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|