অসমসহ উত্তৰ-পূবৰ আঠখন ৰাজ্যক ক'ভিড অতিমাৰীৰে মোকাবিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক'ভিড ৰেছপনছ ফাণ্ডৰ পৰা ১,৩০০ কোটি অনুমোদন দিছে। ইতিমধ্যে প্ৰতিখন ৰাজ্যলৈ ইয়াৰে ৫০ শতাংশ ধন মোকলাই দিছে কেন্দ্ৰই। উত্তৰ–পূৰ্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলেৰে পৰ্যালোচনা বৈঠকত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াই।
উত্তৰ–পূৰ্বাঞ্চলত ব্যাপক হাৰত আৰু ক্ষিপ্ৰতাৰে ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আগবঢ়াই নিয়াত গুৰুত্ব দি অসমসহ অঞ্চলটোৰ প্ৰতিখন ৰাজ্যলৈ পৰ্যাপ্ত সংখ্যক ক'ভিড প্ৰতিষেধক যোগান ধৰাৰ ব্যৱস্থা লৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।
উত্তৰ–পূবৰ স্বাস্থ্যমন্ত্ৰীসকলৰে পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মান্দাভিয়াই কয়, 'উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক'ভিড প্ৰতিষেধক অভিযান আৰু অধিক জোৰদাৰ কৰি তোলাত আমি গুৰুত্ব দিছোঁ। অসমসহ পূৰ্বোত্তৰৰ কেউখন ৰাজ্যতে ক'ভিড প্ৰতিষেধকৰ নাটনি হ'বলৈ নিদিয়ে কেন্দ্ৰই। এই ৰাজ্যকেইখনলৈ পৰ্যাপ্ত সংখ্যাত প্ৰতিষেধক যোগান ধৰিবলৈ আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ।'
ৰাজ্যসমূহক প্ৰতিষেধক অভিযান আৰু অধিক খৰতকীয়া কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- 'পূৰ্বোত্তৰৰ ৰাজ্যসমূহে যিমান বেছিকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব পাৰিব, সিমানেই বেছিকৈ আমি কেন্দ্ৰৰ ফালৰ পৰা প্ৰতিখন ৰাজ্যক অধিক মাত্ৰাত আৰু ক্ষিপ্ৰতাৰে প্ৰতিষেধক যোগান ধৰিম।'
স্বাস্থ্যমন্ত্ৰী মান্দাভিয়াই পৰৱৰ্তী বৈঠকত উত্তৰ–পূৰ্বাঞ্চলৰ চিকিৎসা আন্তঃগাঁথনি অত্যাধুনিক ৰূপত উন্নীত কৰি তুলিবলৈ প্ৰয়োজন হোৱা সা-সুবিধাৰ বিষয়ে বিস্তাৰিতভাৱে পৰ্যালোচনা কৰাৰ কথা উল্লেখ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|